উত্তৰাখণ্ডৰ বাৰাহোটিত ড্রেগন বাহিনীয়ে ভাঙি থৈ গ’ল দলং–আন্তঃগাঁথনি
নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই আছে চুবুৰীয়া ৰাষ্ট্র চীনে৷ লাডাখত ভাৰত ভূমিত প্রৱেশ কৰি সেনাৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পাছত বছৰ ধৰি দুয়ো দেশৰ সেনাৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ উত্তৰাখণ্ডৰ ভূমিত শতাধিক চীনৰ সেনা অনুপ্রৱেশ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমক ইক’নমিকছ টাইমছত প্রকাশিত বাতৰি মতে চীনৰ পিপল্ছ লিবাৰেচন আর্মী (পি এল এ)ৰ শতাধিক সেনাই সীমান্ত অতিক্রম কৰি উত্তৰাখণ্ডৰ পাঁচ কিলোমিটাৰ ভিতৰলৈ অনুপ্রৱেশ কৰিছে৷ টানজুন লা পাছেৰে শতাধিক চীনৰ সেনাই ৫৫টা ঘোঁৰা লৈ ভাৰত ভূমিত প্রৱেশ কৰি আন্তঃগাঁথনি বিনষ্ট কৰি থৈ যায়৷ উত্তৰাখণ্ডৰ বাৰাহোটিৰ দলং এখন চীনৰ সেনাই ক্ষতি কৰি নিজ দেশলৈ উভতি যায়৷ শতাধিক চীনৰ সেনাই ভাৰত ভূমিত অনুপ্রৱেশ কৰি নিৰাপদে আঁতৰি যাবলৈ সক্ষম হয়৷ বাৰাহোটিত প্রায় তিনি ঘণ্টা কটাই ভাৰতীয় সেনাৰ সৈতে সংঘাতৰ পূর্বে চীনা সৈন্য আঁতৰি যায় যদিও ভাৰতৰ ভূমিত থকা আন্তঃগাঁথনি বিশেষকৈ দলঙৰ ক্ষতি কৰি যায়৷
স্থানীয় লোকসকলে চীনৰ এই অনুপ্রৱেশ জানিব পাৰি সীমান্তত মোতায়েন হৈ থকা সেনা আৰু ভাৰত–তিব্বত সীমান্ত আৰক্ষীক অৱগত কৰে৷ সেই সন্দর্ভত সেনা আৰু ভাৰত–তিব্বত সীমান্ত আৰক্ষীয়ে চীনৰ অনুপ্রৱেশক লৈ নিৰীক্ষণ চলাই আছে৷ উল্লেখ্য যে তিব্বতৰ সৈতে ভাৰতৰ হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ ৫৪৫ কিলোমিটাৰজোৰা সীমান্ত আছে৷ ভাৰতৰ সৈতে চীনৰ দুহেজাৰ বর্গকিলোমিটাৰ সীমান্ত অঞ্চলৰ ৮ পৃথক স্থানত বিবাদ চলি আছে৷ চীনৰ সেনাই অনুপ্রৱেশ কৰি প্রায় তিনি ঘণ্টা সময় কটাই যোৱা বাৰাহোটি হৈছে চীন আৰু উত্তৰাখণ্ডৰ ছামলি জিলাৰ দক্ষিণৰ নন্দা দেৱী ৰাষ্ট্রীয় পার্কৰ সমীপৰ সীমান্তত পৰে৷ যোৱা আগষ্ট মাহত চীনৰ শতাধিক সৈন্যই বাৰাহোটিত অনুপ্রৱেশ কৰাৰ পূর্বে ২০১৭ চনৰ জুলাই মাহতো দুবাৰ চীনা সৈন্যই অনুপ্রৱেশ কৰিছিল৷ এই অনুপ্রৱেশৰ ঘটনা চীনে সংঘটিত কৰিছিল ডোকলামত চীন–ভাৰতৰ সেনাৰ মাজত চলা সংঘাতৰ পাছত৷ ২০১৭ চনৰ ১৫ আৰু ২৫ জুলাইত দুবাৰ বাৰাহোটিত চীনৰ ১৫–২০ সেনা জোৱানে অনুপ্রৱেশ কৰিছিল৷ ভাৰত ভূমিত চীনৰ সেনাৰ অনুপ্রৱেশে দেশখনৰ নতুন দিল্লীৰ প্রতি আগ্রাসী ভূমিকাকে প্রমাণিত কৰি আহিছে৷