ভেলেণ্টাইন ডে’ত গৰুক আলিংগনৰ আহ্বান প্রত্যাহাৰ কেন্দ্রৰ
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: প্রেমৰ দিৱস অর্থাৎ ভেলেণ্টাইন ডে’ত গৰুক আলিংগন কৰাৰ আহ্বান ৪৮ ঘণ্টাৰ ভিতৰতে প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ল পশু কল্যাণ ব’ড৷ কেন্দ্রীয় চৰকাৰৰ এই ব’র্ডে প্রেমৰ দিৱসৰ দিনটোত দেশবাসীক ‘কাউ হাগ ডে’’ অর্থাৎ গৰুক আলিংগনৰ দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ কটাক্ষৰ সন্মুখীন হ’বলগীয়া হয় পশু কল্যাণ ব’ড৷ গতিকে, ৪৮ ঘণ্টা নৌহওঁতেই পশু কল্যাণ ব’র্ডে পূর্বৰ আহ্বান প্রত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে কেন্দ্রৰ ক্ষমতালৈ মোদী চৰকাৰ অহাৰ পিছৰে পৰা বাৰে বাৰে সংবাদ শিৰোনাম দখল কৰি আহিছে গৰুৱে৷ গো–মাংস খোৱাক লৈ বিতর্ক–হিংসা, গো–মূত্র পান আদি হৈ পৰে দৈনন্দিন চর্চাৰ বিষয়৷ উল্লেখনীয় যে গৰুক আলিংগনৰ দিৱসৰ জৰিয়তে পশু কল্যাণ ব’র্ডে গবাদি পশুৰ প্রতি মানুহৰ আৱেগ বৃদ্ধি পাব বুলি ঘোষণা কৰিছিল৷