ভীম আর্মীৰ মুৰব্বী আজাদৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাষ্ট্রীয় মহিলা আয়োগৰ আহ্বান
নিয়মীয়া বাৰ্তা ২০ জুনঃ মহিলাৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰা ভীম আর্মীৰ মুৰব্বী চন্দ্রশেখৰ আজাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ উত্তৰ প্রদেশৰ আৰক্ষীক আহ্বান জনাইছে ৰাষ্ট্রীয় মহিলা আয়োগে৷ ৰাষ্ট্রীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শর্মাই মহিলাৰ বিৰুদ্ধে অশালীন আৰু অশোভনীয় মন্তব্য কৰা ভীম আর্মীৰ মুৰব্বীজনৰ বিৰুদ্ধে শীঘ্রেই কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ উত্তৰ প্রদেশৰ আৰক্ষী সঞ্চালকপ্রধান এইচ চি অৱষ্ঠিক পত্রযোগে আহ্বান জনাইছে৷ উল্লেখ্য যে ভীম সেনাৰ মুৰব্বী আজাদে ২০১৮ চনৰ ২৩ মার্চ আৰু ১৬ এপ্রিলৰ ভিতৰত মহিলা সম্পর্কে টুইটাৰত বহুতো অশালীন, অশোভনীয় বার্তালাপ কৰিছিল৷ ৰাষ্ট্রীয় মহিলা আয়োগে ভীম সেনাৰ মুৰব্বীৰ এই বার্তালাপসমূহ অপৰাধযোগ্য বুলি নিশ্চিত কৰিছে৷ গতিকে মুৰব্বীজনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ মন কৰিবলগীয়া যে ভীম সেনাৰ মুৰব্বীজন ‘কা’ আন্দোলনৰ সময়ত হিংসাত্মক কার্যত জড়িত হোৱাৰ বাবে গ্রেপ্তাৰ হৈছিল৷