কাৰাগাৰত স্বাস্থ্যৰ অৱনতি ভি কে শশীকালাৰ
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ কর্ণাটকৰ পাৰাপ্পানা আগ্রাহাৰা কাৰাগাৰত বন্দী হৈ থকা তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী জে জয়াললিতাৰ ঘনিষ্ঠ সহযোগী ভি কে শশীকালাৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটিছে৷ আজি পুৱা শশীকালাক বাংগালুৰুৰ এখন হাস্পতালত ভর্তি কৰা হৈছে৷ প্রচণ্ড জ্বৰ আৰু শ্বাস–প্রশ্বাসত কষ্ট পোৱাৰ বাবেই বাংগালুৰুৰ ব’ৰিং হাস্পতালত প্রয়াত জয়াললিতাৰ ঘনিষ্ঠ নেত্রীগৰাকীক ভর্তি কৰা হৈছে বুলি কাৰাগাৰৰ সূত্রই সদৰী কৰিছে৷ স্মর্তব্য যে ইয়াৰ পূর্বে কাৰাগাৰৰ হাস্পতালতেই চিকিৎসা প্রদান কৰা হৈছিল শশীকালাক৷