নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ সর্বভাৰতীয় আযুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) দিল্লীয়ে ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষাত অংশগ্রহণ কৰিবলৈ স্বেচ্ছাসেৱকক আমন্ত্রণ জনাইছে৷ উল্লেখনীয় যে দিল্লী এইমছে ক’ভাক্সিন ভেকচিন প্রস্তুত কৰাৰ বাবে গৱেষণা চলাই আছে৷ ইতিমধ্যে দ্বিতীয় পর্যায়ৰ পৰীক্ষা সম্পন্ন কৰিছে এইমছে৷ তৃতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষাত দেশৰ জনসাধাৰণে স্বেচ্ছাই অংশগ্রহণ কৰিব পাৰে৷ এইক্ষেত্রত ইচ্ছুক লোকক পৰীক্ষাত অংশগ্রহণৰ বাবে সুযোগ দিছে এইমছে৷
এইমছৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে এই কথা৷ এইমছৰ এক বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি আইচিএমআৰ আৰু ভাৰত বায়’টেকৰ যৌথ উদ্যোগত চলি আছে ক’ভিড ভেকচিনৰ পৰীক্ষা৷ দিল্লী এইমছত আৰম্ভণিৰে পৰা এই ভেকচিনবিধৰ পৰীক্ষা চলাই থকা হৈছে৷ ইতিমধ্যে এইমছে প্রথম দুটা পর্যায়ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে৷