নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহৰণিত বিলীন ভেকচিনৰ প্রথম প্রস্তুতকর্তা

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰী প্রতিৰোধী ভেকচিন বিশ্বৰ বিভিন্ন দেশে আৱিষ্কাৰ কৰি থকা সময়ত মহামাৰীৰ প্রথমগৰাকী ভেকচিন প্রস্তুতকাৰী চিকিৎসক এতিয়া বহুতৰে বাবে বিস্মৃত ব্যক্তি হৈ পৰিছে৷ পেৰিছ আৰু ভাৰতত যোৱা শতিকাত কাম কৰিছিল ৱাল্ডেমাৰ মর্ডেকাই হেফকাইনে৷ হেফকাইনে বিশ্বত ক’লেৰা আৰু প্লেগৰ প্রথম ভেকচিন প্রস্তুত কৰিছিল৷ পৰৱর্তী সময়ত এক সমূহীয়া বিষক্রিয়াত প্রাণ হেৰুৱাইছিল হেফকাইনে৷ ১৮৯৪ চনত হেফকাইনে কলকাতা ভ্রমণ কৰিছিল৷ কলকাতাত তেতিয়া ক’লেৰাৰ প্রাদুর্ভাৱ ঘটিছিল৷ পৰৱর্তী সময়ত হেফকাইনে ভাৰতৰ বিভিন্ন অঞ্চল পৰিদর্শন কৰি বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে মিলিত হৈছিল৷ বহু পৰিশ্রমৰ অন্তত হেফকাইনে প্রস্তুত কৰি উলিয়াইছিল ক’লেৰা আৰু প্লেগৰ ভেকচিন৷

You might also like