নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে সংঘাতত এখন বৃহৎ বজাৰ হেৰুৱাব চীনে

১৮টা ভাৰতীয় সংস্থাতে আছে চীনা কোম্পানীৰ ৪০০ কোটি মার্কিন ডলাৰৰ বিনিয়োগ

নিয়মীয়া বাৰ্তা ২০ জুনঃ ভাৰতে ঘোষণা কৰা ‘অর্থনৈতিক যুদ্ধ’ৰ পৰিপ্রেক্ষিতত বিনিয়োগ–ৰপ্তানিৰ এখন বৃহৎ বজাৰ হেৰুৱাব লাগিব ৰঙা চীনে৷ কিয়নো ভাৰতত চীনা সংস্থা–কোম্পানীৰ আছে বহু বিনিয়োগ৷ তাৰ সমান্তৰালভাৱে প্রতিবছৰে চীনৰ পৰা ভাৰতলৈ ৰপ্তানি হয় কেইবালাখ কোটি টকাৰ সা–সামগ্রী৷ প্রকৃতার্থত মাৰাত্মক ক’ভিড–১৯ সংক্রমণৰ পাছতেই ভাৰতত চীনা সামগ্রী বর্জনৰ দাবী উত্থাপন হৈছে৷ এই দাবীয়ে এতিয়া নতুন গতি লাভ কৰিছে লাডাখৰ ৰক্তক্ষয়ী সংঘর্ষৰ লগে লগে৷ কেৱল ভাৰত চৰকাৰেই নহয়, প্রায় ৭ কোটি সৰু–বৰ ব্যৱসায়ীৰ ডমৈহতীয়া প্রতিষ্ঠান কনফেডাৰেচন অৱ অল ইণ্ডিয়া ড্রেডার্ছৰ তৰফৰ পৰাও চীনা সামগ্রী বর্জন কৰাৰ আহ্বান জনোৱা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে চীনৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ৰ অংশীদাৰ হৈছে দেশৰ ১৩০ কোটি জনতা৷ ভাৰতত চীনা সংস্থা–কোম্পানীৰ কিমান পৰিমাণৰ বিনিয়োগ আছে তথা চীনত উৎপাদিত সামগ্রীয়ে কিদৰে ভাৰতৰ বজাৰ দখল কৰিছে, সেই সন্দর্ভত এক সমীক্ষা চলাইছিল ‘গেটৱে হাউছ’–এ৷ কেন্দ্রীয় চৰকাৰ, বিভিন্ন শ্বেয়াৰ বজাৰ, বিদেশী বিনিয়োগ সংক্রান্তীয় প’র্টেল আৰু সংবাদ মাধ্যমত প্রকাশিত তথ্যৰ আধাৰত ভাৰতীয় সংস্থাটোৱে এই সমীক্ষা চলাইছিল৷ সমীক্ষাৰ তথ্য অনুসৰি ভাৰতৰ ৩০টা ‘ইউনিকর্ন’ সংস্থাৰ ভিতৰত ১৮টাতেই আছে চীনা সংস্থা–কোম্পানীৰ বিনিয়োগ৷ ব্যক্তিগত খণ্ডৰ যিবোৰ সংস্থাৰ মূল্য ১০০ কোটি মার্কিন ডলাৰতকৈ বেছি, তেনে সংস্থাসমূহক ‘ইউনিকর্ন’ ৰূপে ধৰা হয়৷ ‘ইউনিকর্ন’ভুক্ত ১৮টা সংস্থাত চীনা বিনিয়োগৰ পৰিমাণ প্রায় ৪০০ কোটি মার্কিন ডলাৰ৷ ইয়াৰ ভিতৰত ভাৰতীয় সংস্থা ইন’ভেটিভ ৰিটেইল কনচেপ্ঢৰ বিগ বাস্কেট ব্রেণ্ডত চীনৰ আলিবাবা গ্রুপ আৰু টি আৰ কেপিটেলৰ বিনিয়োগ আছে ২৫ কোটি মার্কিন ডলাৰ৷ সেইদৰে ভাৰতৰ এ এন আই টেকন’ল’জিছৰ অ’লা ব্রেণ্ডত চীনা বিনিয়োগকাৰী টেনচেণ্ট হ’ল্ডিংছ–ষ্ট্রীডভিউ কেপিটেল–চাইনা ইউৰেচিয়ান ইক’ন’মিক কো–পাৰেচন ফাণ্ডকে ধৰি ৫টা সংস্থাই মুঠ ৫০ কোটি মার্কিন ডলাৰ বিনিয়োগ কৰিছে৷ ভাৰতীয় সংস্থা জছপাৰ ইনফ’টেকৰ স্নেপডিল ব্রেণ্ডত চীনৰ আলিবাবা গ্রুপ আৰু এফআইএইচ ম’বাইলৰ বিনিয়োগৰ পৰিমাণ ৭০ কোটি মার্কিন ডলাৰ৷ এইকেইটা উদাহৰণহে৷ চীনৰ আৰু বহু সংস্থাই ভাৰতৰ ‘ইউনিকর্ন’ত বিশাল পৰিমাণৰ বিনিয়োগ কৰিছে৷ তদুপৰি ১০০ কোটি মার্কিন ডলাৰৰ কম মূল্যৰ সংস্থাতো চীনা কোম্পানীসমূহৰ বিনিয়োগ আছে৷ ‘গেটৱে হাউছ’ৰ সমীক্ষাৰ তথ্য অনুসৰি ই–কমার্চ, মিডিয়া–ছ’চিয়েল মিডিয়া, আন্তঃগাঁথনি, পৰিবহণৰ দৰে অন্ততঃ এনেধৰণৰ ৭৫টা ভাৰতীয় সংস্থাত চীনা বিনিয়োগ আছে৷ ইফালে তথ্য–প্রযুক্তিৰ পৰা আন্তঃগাঁথনিলৈকে, বিনোদনৰ পৰা নিত্য প্রয়োজনীয় সামগ্রীলৈকে– ভাৰতৰ সকলো ক্ষেত্রতে আছে চীনা সামগ্রী বা পৰিসেৱাৰ আধিপত্য৷ সেইদৰে ডিজিটেল জগততো চীনৰ সংস্থাসমূহে ভাৰতত বিগত সময়ছোৱাত ব্যৱসায়িকভাৱে যথেষ্ট সফলতা অর্জন কৰিছিল৷ উইজি ব্রাউজাৰ, শ্বেয়াৰ ইট, টিক্টক, ভিগ’ ভিডি’ৰ দৰে এপসমূহ ভাৰতত যথেষ্ট জনপ্রিয়৷ সমীক্ষাৰ তথ্য অনুসৰি যোৱা ৫ বছৰত ইউটিউবকো জনপ্রিয়তাৰ ক্ষেত্রত চেৰাই গৈছে টিক্টকে৷ কেৱল ভাৰততে টিক্টকৰ প্রায় ২০ কোটি ছাবস্ক্রাইবাৰ আছে৷ ম’বাইল হেণ্ডছেটৰ ভাৰতীয় বজাৰখনতো চীনৰ আধিপত্য ৰমৰমীয়া৷ ‘অর্থনৈতিক যুদ্ধ’ৰ লগে লগে ভাৰতত চীনা সংস্থাসমূহৰ প্রভাৱ নোহোৱা হোৱাৰ সম্ভাৱনাই প্রকট৷ উল্লেখ্য যে ৰাষ্ট্রায়ত্ত খণ্ডৰ টেলিকম প্রতিষ্ঠান বি এছ এন এলক চীনৰ কোম্পানী তথা চীনত নির্মিত সামগ্রী ব্যৱহাৰ নকৰিবলৈ কেন্দ্রৰ সংশ্লিষ্ট মন্ত্রালয়ে ইতিমধ্যে নির্দেশ দিছে৷ টেলিকমিডনিকেচন খণ্ডৰ পিছত কালি ভাৰতীয় ৰে’লৱেই ৰে’ল প্রকল্পৰ পৰাও চীনা প্রতিষ্ঠানক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কানপুৰৰ পৰা দীনদয়াল ডপাধ্যায় ষ্টেচনলৈকে ৪১৭ কিলোমিটাৰৰ ৰে’লপথছোৱাত ‘ছিগনেল’ আৰু ‘টেলিকমিডনিকেচন’ৰ বাবে চীনৰ ‘বেইজিং নেচনেল ৰে’লৱে ৰিছার্চ এণ্ড ডিজাইন ইনষ্টিটিডট অৱ ছিগনেল এণ্ড কমিডনিকেচন’ক দায়িত্ব প্রদান কৰা হৈছিল৷ ২০১৬ চনত চীনৰ এই প্রতিষ্ঠনটোক এই দায়িত্ব প্রদান কৰা হৈছিল৷ প্রকল্পটোৰ বাবে ধার্য কৰা হৈছিল ৪৭১ কোটি টকা৷ তদুপৰি ৩০,২৭৪ কোটি টকীয়া দিল্লী–মীৰাট ৰেপিড ড্রানজিট ছিষ্টেম প্রকল্পতো ভাৰতৰে সংঘাতৰ পৰিণতিত চীনৰ সাংহাই টানেল ইঞ্জিনীয়াৰিং কোঃ লিমিটেডে মুখথেকেচা খোৱাৰ ইংগিত স্পষ্ট হৈ পৰিছে৷

You might also like