নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ইতিমধ্যে অনুষ্ঠিত চাৰিটা পর্যায়ৰ ভোটগ্রহণৰ দৰেই পশ্চিমবংগ বিধানসভা নির্বাচনৰ পঞ্চম পর্যায়ৰ ভোটগ্রহণতো বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয়৷ কেইবাটাও নির্বাচনী হিংসাৰ মাজেৰে শনিবাৰে পুৱা ৭ বজাৰ পৰা ৬ বজালৈকে হোৱা ৪৫ সমষ্টিত ভোটৰ হাৰ ৭৮.৩৬ শতাংশ৷ কালিংপঙত ৬৯.৫৬ শতাংশ, দার্জিলিঙত ৭৪.৩১ শতাংশ, নাদিয়াত ৮১.৫৭, দক্ষিণ ২৪ পৰগনাত ৭৪.৮৩ শতাংশ, পূর্ববর্ধমানত ৮১.৭২ শতাংশ আৰু জলপাইগুৰিত ৮১.৭৩ শতাংশ৷
নির্বাচন আয়োগে প্রকাশ কৰা মতে এই ভোটৰ হাৰ সামান্য বৃদ্ধি হ’ব পাৰে৷ ইপিনে, শনিবাৰে পুৱা ভোটগ্রহণ আৰম্ভ হোৱাৰ পাছতেই বিধাননগৰত টিএমচি আৰু বিজেপি কর্মীৰ মাজত সংঘর্ষ হয়৷ দুয়োপক্ষই শিল নিক্ষেপ কৰাত কেইবাজনো আহত হয়৷
আনপিনে, পূর্ববর্ধমানত টিএমচি কর্মীয়ে ভোটগ্রহণ কেন্দ্রত চিআৰপিএফ জোৱানক আক্রমণ কৰিবলৈ উদ্যত হওঁতেই চিআৰপিএফে লাঠীচালনা কৰি আঁতৰাই পঠিয়ায়৷ আনপিনে, মিনাখান ভোটগ্রহণ কেন্দ্রত অচিনাক্ত দুর্বৃত্তই ক্রুড বোমাৰে আক্রমণ চলায় যদিও বিশেষ ক্ষয়–ক্ষতি সম্পর্কে ক’ব পৰা হোৱা নাই৷ টিএমচিয়ে অভিযোগ কৰা মতে এই ক্রুড বোমা আইএছএফে নিক্ষেপ কৰিছে৷
আনপিনে, উত্তৰ বর্ধমান সমষ্টিত দুগৰাকী বিজেপিৰ প’লিং এজেণ্টক টিএমচি কর্মীয়ে প্রহাৰ কৰে৷ দক্ষিণ ২৪ পৰগনা জিলাত ভোটগ্রহণ কেন্দ্রত অসুস্থ হৈ এজন বিজেপিৰ এজেণ্টৰ মৃত্যু ঘটাত এই ঘটনা সন্দর্ভত নির্বাচন আয়োগে প্রতিবেদন বিচাৰিছে৷