নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছ (টিএমচি)এ সোমবাৰে ৰাজ্যজুৰি ‘খেলা হবে দিৱস’ পালন কৰে৷ ইফালে, এই দিৱসটো পশ্চিমবংগ বচাও দিৱস হিচাপে উদযাপন কৰিছে বিজেপিয়ে৷
সোমবাৰে খেলা হবে দিৱস উপলক্ষে তৃণমূল কংগ্রেছৰ নেতা–কর্মীসকলে ৰাজ্যখনৰ চুকে–কোণে ফুটবল খেলত অংশগ্রহণ কৰে৷ বিভিন্ন স্থানত আয়োজন কৰা হয় ফুটবল খেল৷
উল্লেখনীয় যে এই দিৱসটোৰ লগত সংগতি ৰাখি ৰাজ্যখনত খেলৰ উন্নয়নৰ সংকল্প গ্রহণ কৰাৰ উপৰি ১৯৮০ চনত এক ফুটবল মেচৰ সময়ত পদপিষ্ট হৈ প্রাণ হেৰুওৱা ১৬জন লোকক স্মৰণো কৰা হৈছে৷
স্মর্তব্য যে চলিত বর্ষৰ এপ্রিল–মে’ মাহত অনুষ্ঠিত পশ্চিমবংগ বিধানসভা নির্বাচনত টি এম চিৰ থিম ছং আছিল ‘খেলা হবে’৷