নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত পুনৰ টিএমচি বিধায়কৰ পদত্যাগ

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ আগন্তুক বর্ষত হ’বলগীয়া বিধানসভা নির্বাচনৰ পূর্বে পশ্চিমবংগৰ তৃণমূল কংগ্রেছত আৰম্ভ হৈছে খহনীয়া৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰৰ বাবে আজি পুনৰ মোক্ষম আঘাত সৃষ্টি কৰি দলটোৰ পৰা পদত্যাগ কৰিছে বিধায়ক শিলভদ্র দত্তই৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি উত্তৰ ২৪ পৰগনাৰ বাৰাকপুৰ সমষ্টিৰ বিধায়ক দত্তই আজি পদত্যাগ–পত্র প্রেৰণ কৰিছে দলৰ শীর্ষ নেত্রী তথা মুখ্যমন্ত্রী মমতা বেনার্জীলৈ৷

নেতাগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি পূর্বৰে পৰা চর্চা চলি আহিছে৷ আগন্তুক মার্চ–এপ্রিলত হ’বলগীয়া নির্বাচনৰ পূর্বে তৃণমূলৰ কেইবাগৰাকী বিধায়কে পদত্যাগ কৰিব বুলি ইতিমধ্যে দাবী কৰিছে বিজেপিয়ে৷ ইফালে, কালি দলটোৰ বিধায়ক শুভেন্দু অধিকাৰীয়ে পদত্যাগ কৰিছিল যদিও নেতাগৰাকীৰ পদত্যাগ–পত্র গ্রহণ কৰা হোৱা নাই বুলি আজি পশ্চিমবংগ বিধানসভাৰ অধ্যক্ষ বিমান বেনার্জীয়ে ঘোষণা কৰিছে৷ বেনার্জীয়ে সংবাদ সংস্থা এএনআইক জনোৱা অনুসৰি শুভেন্দু অধিকাৰীৰ পদত্যাগ–পত্রত দিন, তাৰিখ উল্লেখ কৰা হোৱা নাই আৰু সবিশেষ কাৰণ দর্শোৱা হোৱা নাই৷

You might also like