নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ পৰিবহণ মন্ত্রী শুভেন্দু অধিকাৰীৰ পদত্যাগ

তৃণমূল কংগ্রেছত মোক্ষম আঘাত

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ পূর্বে পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছত মোক্ষম আঘাত৷ টিএমচি নেতা তথা ৰাজ্যৰ পৰিবহণ মন্ত্রী শুভেন্দু অধিকাৰীয়ে মন্ত্রিত্বৰ পৰা পদত্যাগ কৰাৰ এদিন পিছত হুগলি নদী দলং আয়োগৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিলে৷ টিএমচিৰ বিদ্রোহী নেতা হিচাপে চর্চিত শুভেন্দু অধিকাৰীয়ে তেওঁৰ পদত্যাগ পত্র ইতিমধ্যে মুখ্যমন্ত্রী মমতা বেনার্জীক দাখিল কৰিছে৷ উল্লেখ্য যে ৪৯ বছৰীয়া টিএমচি নেতা অধিকাৰীয়ে মমতা চৰকাৰৰ পৰিবহণ, জলসিঞ্চন, জলপথৰ দায়িত্বত আছিল৷ অধিকাৰীয়ে পদত্যাগ কৰাৰ পিছত বিজেপিয়ে তেওঁক দলত যোগদান কৰিবলৈ আদৰণি জনাইছে৷ তাৎপর্যপূর্ণ যে বৃহস্পতিবাৰে মন্ত্রীগৰাকীয়ে চৰকাৰৰ মন্ত্রী পদৰ পৰা পদত্যাগ কৰিছিল৷

You might also like