নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হুইলচেয়াৰত বহা বাবেই সোমাব নিদিলে ৰেষ্টুৰেণ্টত

হুইলচেয়াৰ লৈ ৰেস্তোঁৰাৰ ভিতৰত সোমালে আন অতিথিৰ অসুবিধা হ’ব। এই যুক্তিৰে গুৰগাঁৱৰ এখন জনপ্রিয় ৰেস্তোঁৰাত প্ৰৱেশ কৰিবলৈ নিদিলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক। সেই ভয়াৱহ অভিজ্ঞতাৰ কথা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতেই ভাইৰেল হৈছে। সৃষ্টি পাণ্ডে নামৰ সেই অভিযোগকাৰীয়ে টুইটাৰত সকলো কথা বিৱৰি কৈছে।

শুকুৰবাৰে ঘটনাটো ঘটে গুৰগাঁৱৰ ৰাস্তা নামৰ এখন জনপ্রিয় ৰেস্তোঁৰাত। ইয়াৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছ’চিয়েল মিডিয়াত। গুৰুগ্রামৰ ডিএলএফ ছাইবাৰহাবত থকা এই ৰাস্তা নামৰ ৰেস্তোঁৰাখনৰ মালিকে এতিয়া নিজাকৈ ক্ষমা বিচাৰিছে সৃষ্টিক। লগতে গোটেই বিষয়টো জুকিয়াই চোৱাৰো আশ্বাস দিছে। আৰক্ষীয়েও যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰিছে।

You might also like