কেতিয়া ক্লার্ক গেফ’ডৰে বিবাহপাশত আবদ্ধ হ’ব আর্ডার্ন!
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ নিউজিলেণ্ডৰ প্রধানমন্ত্রী জাচিণ্ডা আর্ডার্ন কেতিয়া বিবাহপাশত আবদ্ধ হ’ব? দেশবাসীৰ বাবে এতিয়া এই প্রশ্ণটো গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত হৈছে৷ দ্বিতীয়টো কার্যকালৰ বাবে আর্ডার্নে শপতগ্রহণ কৰাৰ পিছতে দেশখনৰ সংবাদ মাধ্যমে বিষয়টো চর্চালৈ আনিছে৷ ৪০ বছৰীয়া আর্ডার্নৰ সৈতে সহবাস কৰি আছে টেলিভিছনৰ এংকৰ ৪৬ বছৰীয়া ক্লার্ক গেফ’র্ডে৷ দুয়োৰে এটি দুবছৰীয়া কন্যা সন্তানো আছে৷ আজি নিউ প্লাইমাউথ চহৰত সাংবাদিকৰ এই প্রশ্ণৰ উত্তৰত আর্ডার্নে মন্তব্য কৰিছে যে বিবাহ সম্পর্কত তেওঁলোকৰ কিছু আঁচনি আছে৷ ইতিমধ্যে এই বিষয়টো লৈ চিন্তা–চর্চা কৰিছে যদিও আর্ডার্ন আৰু ক্লার্কে বিবাহৰ বাবে কোনো দিন থিৰাং কৰা নাই৷ পৰিয়াল তথা বন্ধুবর্গৰ সৈতে সকলো কথা আলোচনা কৰি বিবাহৰ এক নির্দিষ্ট দিন শীঘ্রে ধার্য কৰাৰ ইংগিত দিছে প্রধানমন্ত্রী আর্ডার্নে৷