নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আক্রমণৰ সন্ত্রাসবাদীৰ তথ্য পাক সংস্থাৰ

কূটাঘাতত জড়িত ১১ লস্কৰ সদস্যৰ উপস্থিতিৰ কথা প্রথমবাৰলৈ স্বীকাৰ

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ২৬/১১ৰ মুম্বাইৰ সন্ত্রাসবাদী আক্রমণৰ পৰিকল্পনা কৰা ১১টা সন্ত্রাসবাদীৰ পাক ভূমিত উপস্থিতিৰ কথা প্রথমবাৰলৈ স্বীকাৰ কৰিছে দেশখনৰ শীর্ষ তদন্ত সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চী (এফআইএ)য়ে৷ সংস্থাটোৰ ৮৮০ পৃষ্ঠাজোৰা দীঘলীয়া তালিকাত মুলতানৰ মুহাম্মদ আমজাদ খানৰ নাম অন্তর্ভুক্ত হৈছে৷ আমজাদ খানে আল–ফুজ নামৰ নাওখন ক্রয় কৰিছিল আৰু ২০০৮ চনত মুম্বাইৰ সন্ত্রাসবাদী আক্রমণত এই নাওখন ব্যৱহাৰ হৈছিল৷ অকল সেয়াই নহয়, আমজাদে এক য়ামাহা মটৰবোট ইঞ্জিন, লাইফ জেকেট আৰু অন্যান্য সমুদ্রত ব্যৱহাৰ হোৱা সামগ্রী কৰাচীস্থিত এ আৰ জেড ৱাটাৰ স্প’টছৰ পৰা ক্রয় কৰিছিল৷ ভাৰতৰ বিত্তীয় ৰাজধানী হিচাপে পৰিচিত মুম্বাইত এই নাওখনেৰে উপস্থিত হৈছিল অত্যাধুনিক অস্ত্রৰে সজ্জিত সন্ত্রাসবাদী দল৷ লক্ষণীয়ভাৱে আল–হুছেইনী আৰু আল–ফুজ নাও দুখনৰ কেপ্ঢেইন ভাৱালপুৰৰ শ্বহীদ গফুৰৰ নামো এই তালিকাত সন্নিৱিষ্ট হৈছে৷ অকল সেয়াই নহয়, তালিকাখনত মুম্বাই সন্ত্রাসবাদী আক্রমণত ব্যৱহূত নাওখনৰ অন্য ৯জন কর্মীৰ নামো সন্নিৱিষ্ট কৰিছে এফ আই এই৷ এই ৯গৰাকী কর্মী আছিল ছাহিৱাল জিলাৰ মুহাম্মদ উছমান, লাহোৰৰ আতিকুৰ ৰহমান, হাফিজাবাদৰ ৰিয়াজ আহমাদ, গুজৰানৱালা জিলাৰ মুহাম্মদ মুস্তাক, ডেৰা গাজি খান জিলাৰ মুহাম্মদ নঈন, ছার্গোধা জিলাৰ আব্দুল ছাকুৰ, মুলতানৰ মুহাম্মদ ছবীৰ, লোধৰানৰ মুহাম্মদ উছমান আৰু ৰহিম য়াৰ খান জিলাৰ ছাকিল আহমাদ৷ এই আটাইকেইটা সন্ত্রাসবাদী ৰাষ্ট্রসংঘৰ তালিকাভুক্ত লস্কৰ–ই–তৈবাৰ সদস্য বুলি সদৰী কৰিছে পাক তদন্তকাৰী সংস্থাটোৱে৷ সংস্থাটোৱে এই তথ্য সদৰী কৰাৰ লগে লগে দীর্ঘদিন ধৰি পাকিস্তানে মিছাৰ আশ্রয় লৈ থকা বিষয়টো বিশ্ববাসীৰ সন্মুখত উন্মোচিত হৈছে৷

You might also like