চীনৰ গৱেষণাগাৰৰ পৰা নহয়, জন্তুৰ পৰা বিয়পিছিল ক’ৰোনাঃ WHO
নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ বিশ্বক স্তব্ধ কৰি তোলা ঘাতক ক’ভিড–১৯ৰ প্রাদুর্ভাৱ চীনৰ গৱেষণাগাৰৰ পৰা ঘটা বুলি চর্চাৰ মাজত থকাৰ সময়তে চীন আৰু বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ অধ্যয়নত বিপৰীত তথ্য প্রকাশ পাইছে৷ এছ’চিয়েট প্রেছৰ হাতত পৰা তথ্য মতে, হু আৰু চীনে চলোৱা অধ্যয়নত ক’ভিড–১৯ ভাইৰাছটো বাদুলীৰ পৰা মানৱ দেহত প্রৱেশ কৰিছে৷
এই ভাইৰাছটো চীনৰ গৱেষণাগাৰৰ পৰা বিয়পি পৰাটো স্বীকার্য নহয়৷ এই নতুন গৱেষণাৰ তথ্যই পুনৰ বিতর্কৰ সৃষ্টি কৰিছে৷ চীন আৰু হুৰ বিশেষজ্ঞ দলে অধ্যয়নৰ অন্তত প্রতিবেদন যুগুত কৰিছে যদিও সেয়া এতিয়ালৈকে ৰাজহুৱাভাৱে প্রকাশ কৰা নাই৷ এছ’চিয়েট প্রেছে প্রকাশ কৰা প্রতিবেদনখনো খচৰা বুলিহে জানিব পৰা গৈছে৷
তাৎপর্যপূর্ণ যে চীনৰ য়ুহান প্রদেশৰ গৱেষণাগাৰৰ পৰা ক’ভিড–১৯ ভাইৰাছটো বিয়পি পৰা বুলি আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লগতে হুই সন্দেহ প্রকাশ কৰিছে৷ এই সন্দর্ভত হুৰ দল য়ুহান প্রদেশলৈ অধ্যয়নৰ বাবে গৈছিল যদিও প্রাৰম্ভিক পর্যায়ত চীনা প্রশাসনে বাধা দিছিল৷ অৱশ্যে পিছলৈ হুৰ দলক অধ্যয়নৰ অনুমতি দিয়ে৷ এনে ক্ষেত্রত হু আৰু চীনৰ অধ্যয়নৰ তথ্যই পুনৰ আন এক ৰহস্যৰ ইংগিত দিছে৷