নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ উৎস চীনৰ ইউহান বজাৰত WHOৰ প্ৰতিনিধি দল

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ক’ৰোনা মহামাৰীৰ তাণ্ডৱৰ এবছৰ মূৰত ইউহানৰ সেই মাছ বজাৰ পৰিদর্শন কৰিলে বিশ্ব স্বাস্থ্য সংস্থা বা WHO-ৰ প্রতিনিধি দলে, য’ৰ পৰা ক’ভিড ভাইৰাছ বিয়পা বুলি কোৱা হৈছিল।

 ইউহানৰ বৃহত্তম মাছ বজাৰ বাইছাঝৌ বজাৰ পৰিদৰ্শন কালত  WHOৰ প্ৰতিনিধি দলটোক সংগ দিয়ে চীনা প্ৰশাসনে। প্ৰতিনিধি দলটোত প্রাণী বিশেষজ্ঞ, ভাইৰোলজিষ্ট, খাদ্য সুৰক্ষা বিশেষজ্ঞ আৰু মহামাৰী বিশেষজ্ঞও আছিল।

ক’ভিডৰ প্রথম সংক্রমণৰ সময়ত যিবোৰ হাস্পতালত ৰোগী আছিল, সেয়াও প্ৰদৰ্শন কৰে দলটোৱে। ক’ভিডৰ বাবে বিশ্বজুৰি গৰিহণাৰ পাত্ৰ হোৱা চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক পূৰ্ণ সহযোগ কৰা দেখা গৈছে বুলি জানিব পৰা গৈছে।

You might also like