কোন হ’ব দেশৰ আগন্তুক ৰাষ্ট্ৰপতি? সন্ধানত নামিছে বিজেপি
বিশেষ বাৰ্তা, ৩১ মাৰ্চঃ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰিখনতে বিজেপিৰ সাফল্যৰ পাছত ৰাজ্যসভাত বিজেপিৰ ক্ষমতা আৰু বাঢ়িছে। আজি ৰাজ্যসভাৰ নিৰ্বাচন চলি আছে। চলিত বৰ্ষৰ জুলাইত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। তাৰে গুণাগঁঠা এতিয়াৰেপৰা আৰম্ভ হৈছে। কোন হ’ব দেশৰ অনাগত ৰাষ্ট্ৰপতি? উত্তৰ প্ৰদেশত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ উত্থানৰ পাছত আগন্তুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী শাসকীয় দলেই বাছনি কৰিব বুলি প্ৰায় নিশ্চিত হৈছে। অৱশ্যে ভোটৰ ক্ষেত্ৰত চৰকাৰে মিত্ৰ দল ৱাইএছআৰ কংগ্ৰেছ, নবীন পাটনায়কৰ বিজেডি আদিৰ সৈতে আলোচনা কৰিব। ইপিনে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ অনা বিজেপি দহগৰাকী মুখ্যমন্ত্ৰীক একত্ৰ কৰিবলৈ লাগি পৰিছে। কোন হ’ব পাৰে আগন্তুক ৰাষ্ট্ৰপতি, সেই তালিকাত প্ৰথমেই উচ্চাৰণ হৈছে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ নাম। অৱশ্যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নামো দ্বিতীয়বাৰৰ বাবে প্ৰস্তাৱিত কৰিব পাৰে। আন এজন হ’ব পাৰে বি এছ য়েড্ডীয়ুৰাপ্পা। দলীয় আলোচনা হ’লেও চৃড়ান্ত সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীয়ে ল’ব।