নতুন সংসদ ভৱনৰ প্রয়োজন কিয় হ’ল!
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ২০২১ চনত হ’বলগীয়া তামিলনাডু বিধানসভা নির্বাচনৰ বাবে নিজ দল মাক্কাল নিধি মায়াম (এমএনএম)ৰ প্রচাৰ আৰম্ভ কৰাৰ কেইঘণ্টামান পিছতেই অভিনেতা তথা ৰাজনীতিক কমল হাছানে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে৷ প্রধানমন্ত্রী মোদী দেশত বর্তমান ভয়াৱহ বিত্তীয় সংকট চলি থকা সময়তে কিয় নতুন সংসদ ভৱনৰ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিলে, তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰিছে৷ যেতিয়া দেশৰ আধাসংখ্যক লোক ক্ষুধাৰ কবলত পৰি আছে, তেতিয়া ১০০০ কোটি টকীয়া নতুন সংসদ ভৱনৰ প্রয়োজন কিয় বুলি প্রধানমন্ত্রীক প্রত্যক্ষভাৱে প্রশ্ণ কৰিছে হাছানে৷ এইক্ষেত্রত চীনৰ প্রাচীৰৰ প্রসংগ তুলি হাছানে কৈছে যে প্রাচীৰ নির্মাণ কৰা হৈছিল চীনক সুৰক্ষা প্রদান কৰিবলৈ৷ কিন্তু ইয়াৰ নির্মাণকার্যতে প্রাণ হেৰুৱাইছিল অসংখ্য লোকে৷ ১০০০ কোটি টকীয়া সংসদ ভৱনৰে কাক সুৰক্ষা প্রদান কৰা হ’ব বুলি মোদীৰ বিৰুদ্ধে তির্যক মন্তব্য কৰিছে নেতাগৰাকীয়ে৷