নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল কি জাবৰ পেলোৱা ঠাই নেকি, এফালে সুন্দৰ ঠাই লাডাখ, আনপিনে শাস্তিমূলক বদলি কিয় তালৈ…

বিশেষ বাৰ্তা, ২৭ মেঃ দিল্লীৰ এখন ষ্টেডিয়াম কুকুৰক ফুৰোৱাৰ বাবে ব্যৱহাৰ কৰাত আই এ এছ বিষয়া এজনক বদলি কৰা হৈছে লাডাখলৈ। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনৰ কিছু ঘণ্টাৰ পিছতে চৰকাৰীভাৱে পৰিচালিত থ্যাগৰাজ ষ্টেডিয়ামখনত ক্ৰীড়া-কাৰ্য বন্ধ কৰি দিয়া হৈছে যাতে আমোলাজনে নিজৰ কুকুৰটোক খোজ কঢ়াব পাৰে। এক নিৰ্দেশত গৃহ মন্ত্ৰণালয়ে জনোৱা মতে, ১৯৯৪ চনৰ আই এ এছ বিষয়া সঞ্জীৱ খিৰৱাৰক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লাডাখলৈ আৰু তেওঁৰ পত্নীক অৰুণাচললৈ বদলি কৰা হৈছে। দিল্লীত মুখ্য সচিৱ (ৰাজহ) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল সঞ্জীৱ খিৰৱাৰে। ইপিনে, তেওঁৰ পত্নী তথা আই এ এছ বিষয়া ৰিংকু ডুগ্গাক শাস্তিমূলক বদলি কৰা হৈছে অৰুণাচললৈ।

ইয়াৰ পাছতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজুক কটাক্ষ কৰিছে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰেয়ে। তেওঁ পোনে বাক্যশেল মাৰি কয় যে কেন্দ্ৰই অৰুণাচলক জাৱৰ পেলোৱা ঠাইৰ দৰে ব্যৱহাৰ কৰাৰ পাছত দুই মন্ত্ৰীয়ে প্ৰতিবাদ কৰিব লাগে। লোকসভাৰ সাংসদগৰাকীয়ে কয় যে দিল্লীৰ দোষী আমোলাক অৰুণাচললৈ বদলি কৰাটো ৰাজ্যখনৰ বাবে লজ্জাজনক কথা। ইপিনে, ৰৈ থকা নাই জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাও। এখন সুন্দৰ ঠাই হিচাপে জনাজাত লাডাখলৈ বদলি কৰাটো কিয় শাস্তিমূলক বদলি কৰা হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। তাত থকা মানুহখিনিৰ বাবে এই ধাৰণাই মনোবল হেৰুওৱা কথা। বিষয়াসকলক কেৱল শাস্তি হিচাপেহে পঠিওৱা হয় তালৈ।

You might also like