বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ সুৰা পান কৰক বা নকৰক, প্ৰায় ভাগ মানুহৰে এটা চিনাকী নাম পাটিয়ালা পেগ। কেতিয়াবা ভাবি চাইছেনে কিয় সুৰাৰ পেগৰ নাম দিল্লী, চণ্ডীগড়, ভটিণ্ডা,জয়পুৰ নহৈ পটিয়ালা ঠাইখনেৰে ৰখা হ’ল। কিবা ইতিহাস জড়িত হৈ আছে নেকি ইয়াৰ সৈতে?
সুৰাপান কৰাসকলে কয় পাটিয়ালা পেগ সকলোৱে সহিব নোৱাৰে। কিয়নো পাটিয়ালা পেগত সুৰাৰ মাত্ৰা লাৰ্জ পেগতকৈও বেছিকৈ থাকে। ক’তো লিখা নাই যদিও সুৰাপায়ীসকলৰ মতে, পাটিয়ালা পেগত প্ৰায় ১২০ মিলিলিটাৰ সুৰা থাকে। আধা গিলাচ পানী আৰু আধা গিলাচ সুৰাৰে তৈয়াৰ হয় পাটিয়ালা পেগ। ৰসিকতাৰে সেয়ে কোৱা হয় যিয়ে এই পেগ সহ্য কৰিব পাৰে তেওঁ খাটি সুৰাপায়ী।
শ্ৰুতি মতে, পাটিয়ালা পেগৰ সম্বন্ধ পোনেই মহাৰাজ ভূপিন্দৰ সিঙৰ সৈতে, যিজন ১৯০০ চনৰ পৰা ১৯৩৮ চনলৈ পাটিয়ালাৰ ৰজা আছিল। এইজন ৰজাৰ এটা প’ল’ টীম আছিল, তাত ৮জন শিখ যোদ্ধা আছিল। এবাৰ তেওঁলোকে আইৰিছ টীমত খেলিবলৈ মাতিছিল। খেলৰ পূৰ্বে সুৰাৰ প্ৰস্তাৱ আহিল আৰু বিদেশী দলটোৱে নিজৰ ক্ষমতা দেখুৱাবলৈ অধিক পান কৰা দেখুৱালে। এবাৰতে বেছিকৈ খোৱাৰ বাবে তেওঁলোকে খেলত হাৰি থাকিল। বিদেশী দলটোৱে কৈছিল যে পেগটো বেছি কঢ়াকৈ বনোৱা হৈছিল। ৰজাই উত্তৰত কৈছিল পাটিয়ালাত পেগ ডাঙৰকৈয়ে বনোৱা হয়।