স্বামীৰ চাকৰি নিশ্চিত কৰিবলৈ শহুৰেকক হত্যা বোৱাৰীৰ
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ স্বামীৰ চাকৰি নিশ্চিত কৰিবলৈ শহুৰেকক ভেৰোণীয়া গুণ্ডাৰ জৰিয়তে গুলীয়াই হত্যা কৰোৱাৰ পৰিকল্পনা কৰি সংবাদ শিৰোনামলৈ আহিছে এগৰাকী বোৱাৰী৷ ইতিমধ্যে এই ঘাতক বোৱাৰীগৰাকীক গ্রেপ্তাৰ কৰিছে বিহাৰৰ চৰকাৰী ৰে’লৱে আৰক্ষী (জিআৰপি)য়ে৷ বাৰাউনীত ৰে’ল বিভাগত চাকৰি কৰা শহুৰেকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল এই বোৱাৰীগৰাকীয়ে৷ শহুৰেকৰ চাকৰিটো যাতে তেওঁৰ স্বামীয়ে লাভ কৰে তাৰ বাবেই এই ভয়ংকৰ পথ গ্রহণ কৰিছিল বোৱাৰীয়েকে৷ সতীশ চৌধাৰী নামৰ ৰে’ল বিভাগৰ কর্মীগৰাকীক যোৱা ২৪ মার্চত দুজন অচিনাক্ত লোকে গুলীয়াই হত্যা কৰে৷ এই দুই হত্যাকাৰীয়ে দুই লাখ টকা মহিলাগৰাকীৰ পৰা লাভ কৰাৰ কথা আছিল৷ অগ্রিম হিচাপে দুয়োটা হত্যাকাৰীক ৯০ হাজাৰ টকা দিছিল মহিলাগৰাকীয়ে৷ কিন্তু সাক্ষী কুমাৰী নামৰ মহিলাগৰাকীক কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত এই চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে৷