আজি কাৰাগাৰতে বিবাহ জুলিয়ান আছাংগেৰ
বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ উইকিলিক্সৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাংগেইৰ আজি বিয়া। দক্ষিণ-পূব লণ্ডনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা কাৰাগাৰৰ ভিতৰত অনুষ্টুপীয়াকৈ বিয়াৰ আয়োজন কৰিছে। দীৰ্ঘদিনৰ প্ৰেয়সী ষ্টেলা ম’ৰিচৰ সৈতে হ’বলগীয়া বিবাহ অনুষ্ঠানত চাৰিজন অতিথি, দুজন চৰকাৰী সাক্ষী আৰু দুজন নিৰাপত্তাৰক্ষী থাকিব। মাৰ্কিন চোৰাংচোৱা বিভাগৰ অতি গোপনীয় সামৰিক তথ্য ফাদিল কৰাৰ পাছতে আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছিল আছাংগেৰ বিৰুদ্ধে। ইয়াত তাত আশ্ৰয় লৈ থাকি অৱশেষত ২০১৯ চনৰ পৰা লণ্ডনত বন্দী হৈ থকা আছাংগে আৰু তেওঁৰ দীৰ্ঘদিনৰ প্ৰেমিকা ম’ৰিছৰ আছে দুটি সন্তান। ম’ৰিছ আৰু আছাংগেৰ বিবাহৰ বিশেষ পোছাক ডিজাইন কৰিছে ব্ৰিটিছ ফেছন ডিজাইনাৰ ভিভিয়েন ৱেষ্টউডে।