নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ হোম ডেলিভাৰী কৰক

ৰাজ্য়ৰ চৰকাৰক ছু'প্ৰিম কৰ্টৰ পৰামৰ্শ

নিয়মীয়া বাৰ্তা ৯ মেঃ লকডাউনৰ সময়ত সামাজিক দূৰত্বক ভেঙুচালি কৰি সুৰাৰ বিপণীত গ্রাহকৰ উদ্ভণ্ডালিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি সুৰাৰ বিক্রী নিষিদ্ধ কৰাৰ বাবে জনোৱা আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে এই সন্দর্ভত এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে সুৰা বিক্রীত নিষেধাজ্ঞা জাৰি কৰিব নোৱাৰি বুলি আবেদন অগ্রাহ্য কৰে৷ অৱশ্যে ক’ভিড–১৯ৰ সামাজিক সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰসমূহক সুৰাৰ হোম ডেলিভাৰী কৰিবলৈ পৰামর্শ দিয়ে সর্বোচ্চ ন্যায়ালয়ে৷ সুৰা বিক্রীৰ বিষয়টোক লৈ ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে বুলি উল্লেখ কৰি ন্যায়ালয়ৰ বিচাৰপীঠে এইটো চৰকাৰৰ নীতি সিদ্ধান্ত বুলি প্রকাশ কৰে৷

You might also like