প্ৰথমে ৫২,৮৪১ টকাৰ সুৰা বিক্ৰী তাৰ পিছত গোচৰ
নিয়মীয়া বাৰ্তা ৫ মেঃ যোৱা কালি ছচিয়েল মিডিয়াত এখন ফটো খুব ভাইৰেল হৈছিল। ফটো খন আছিল কৰ্ণাটকৰ এখন সুৰাৰ দোকানৰ। ফটোখনত ৫২, ৮৪১ টকাৰ সুৰাৰ বিক্ৰীৰ ৰছিদ আছিল। যাৰ পৰিপেক্ষিতত কৰ্ণাকৰ চৰকাৰত এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি হৈছিল। এতিয়া কৰ্ণাটকৰ আবকাৰী বিভাগে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা দেশৰ কেইবাখনো ৰাজ্যত সুৰাৰ বিক্ৰী আৰম্ভ হৈছে। সুৰাৰ দোকান সমূহত গ্ৰাহকৰ দীঘলীয়া শাৰীও দেখা পোৱা গৈছে। দৰাচলতে কৰ্ণাটক চৰকাৰে সুৰা বিক্ৰী কৰিবলৈ কিছুমান নিয়ম বান্ধি দিছিল। কিন্তু চৰকাৰে বান্ধি দিয়া নিয়মক উলংঘা কৰা দেখা গল ছচিয়েল মিডিয়াৰ ভাইৰেল ফটো খনত ।
ভেনিলা স্পীৰিট জন নামৰ এখন দোকানৰ পৰা ৫২,৮৪১ টকাৰ সুৰা ক্ৰয় কৰিছিল। সুৰাৰ ৰচিদ খন ছচিয়েল মিডিয়াত দিয়াৰ বাবে দ্ৰুত গতিত ভাইৰেল হৈছিল। যাৰ পৰিপেক্ষিতত কৰ্ণাটকৰ আবকাৰী বিভাগে এজন গ্ৰাহকে নিৰিখতকৈ অধিক পৰিমাণৰ সুৰা কিনাৰ বাবে গোচৰ ৰুজু কৰিছে।
আনহাতে দোকানী জনে কয় যে ৫২,৮৪১ টকাৰ সুৰা এজন গ্ৰাহকক নহয় ৮ জনকে হে বিক্ৰী কৰিছিল। এই আঠজন গ্ৰাহকে এখন কাৰ্ডেৰে পইচা দিয়াৰ কাৰণে এখনেই ৰচিদ বনাব লগীয়া হ’ল।
কৰ্ণাটকৰ আবকাৰী বিভাগৰ মতে এজন ব্যক্তিয়েই কেৱল ২.৬ লিটাৰহে সুৰা বিক্ৰী কৰিব পাৰে। ইয়াতকৈ অধিক সুৰা বিক্ৰী কৰিলে বিচাৰৰ সন্মুখীন হ’ব লাগিব।