নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Zomato ত অৰ্ডাৰ কেন্সেল কৰাটোৱে হ’ল কালঃ ডেলিভাৰী বয়ে মহিলাৰ মুখত দিলে প্ৰচণ্ড ঘোচা

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ লকডাউন পৰিস্থিতিৰ পৰা দেশত চাহিদা বৃদ্ধি পাইছে অনলাইন ফুড অৰ্ডাৰ প্ৰক্ৰিয়াৰ। এই মাধ্যমসমূহৰ ভিতৰত এটা অন্যতম হৈছে Zomato।

zomatoত খাদ্য অৰ্ডাৰ কৰাৰ পিছত এগৰাকী মহিলাৰ লগত যি ঘটনা ঘটিল সেয়া শুনিলে অবাক হ’ব আপুনি।

অভিযোগ মতে, এগৰাকী মহিলাই ডেলিভাৰী বয়জনৰ অহাত পলম হোৱা বাবে তেওঁৰ পৰা খাদ্য ল’বলৈ অস্বীকাৰ কৰিছিল। তেতিয়াই ডেলিভাৰী বয়জনে মহিলাগৰাকীৰ ওপৰত খং উঠি মুখত প্ৰচণ্ড ঘোচা মাৰে।

মহিলাগৰাকীয়ে পিছত এটা ভিডিঅ’ আপলোড কৰি সামাজিক মাধ্যমত এই বিষয়ে সদৰী কৰিছিল। যিটো পিছত সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছিল।

মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁ গ্ৰাহক সেৱা কেন্দ্ৰকো ফোন কৰি অৰ্ডাৰ কৰা আহাৰ বাতিল কৰিবলৈ কৈছিল। কিন্তু তাৰ পিছতো ডেলিভাৰী বয়জনে খাদ্য আনিছিল।

মহিলাগৰাকীয়ে দাবী যে ডেলিভাৰী বয়জন অহাৰ লগেলগে তেওঁ আহাৰ বাতিল কৰা বুলি জনাইছিল। কিন্তু বয়জনে তেওঁৰ সৈতে তৰ্কত লিপ্ত হৈছিল। সেই সময়তে মহিলাগৰাকীৰ ওপৰত খঙতে ডেলিভাৰী বয়জনে প্ৰহাৰ কৰে।

ঘটনাটোৰ পিছত Zomato ৰ ফালৰ পৰা মহিলাগৰাকীৰ ওচৰত ক্ষমা খোজা হৈছে। তেওঁলোকে কৈছিল যে ভৱিষ্যতে এনে ঘটনা যাতে পুনৰ নহয়, তাৰ বাবে কৰ্তৃপক্ষৰ পৰা চকু ৰাখিব।  ফুড ডেলিভাৰী কোম্পানীটোয়ে অভিযুক্ত ডেলিভাৰী বয়জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰিছে।

You might also like