মেকডনাল্ডৰ খাদ্যত ওলাল বিষাক্ত মকৰা
বৰ্তমান সময়ত ফাষ্টফুড আমাৰ খাদ্যাভাষৰ এটা এৰাব নোৱাৰা অংগ হৈ উঠিছে। অনলাইন অৰ্ডাৰে ইয়াক আৰু বেছি সহজলভ্য কৰি তুলিছে। মেকডনাল্ডৰ নাম প্ৰায় প্ৰতিজন ফাষ্টফুড প্ৰিয় মানুহে শুনিছে। এগৰাকী মহিলাই এইবাৰ মেকডনাল্ডৰ বিৰুদ্ধে উঠোৱা অভিযোগে সকলোকে আচৰিত কৰাৰ লগতে বহু প্ৰশ্ন উত্থাপন কৰিছে। ব্ৰিটেইনৰ চেছায়াৰৰ ২১ বছৰীয়া যুৱতীগৰাকীয়ে মেকডনাল্ডৰ পৰা অৰ্ডাৰ দিয়া খাদ্যত ওলাল ডাঙৰ মকৰা এটা।
এই ঘটনা ১৯ জানুৱাৰীৰ। আনকি নিৰ্দিষ্ট খাদ্যবিধ আধাতকৈ বেছি খোৱাৰ পাছত তেওঁৰ মুখত কিবা লাগি ধৰাত ভালদৰে চাওঁতে দেখা পালে মকৰাটো। ইয়াৰ পাছতে যুৱতীগৰাকীয়ে মেকডনাল্ডৰ বিপনীখনত যোগাযোগ কৰে আৰু এনে অক্ষমণীয় ভুলৰ বাবে ক্ষতিপূৰণ দাবী কৰিছে। মেকডনাল্ডৰ দৰে বিশ্বৰ আগশাৰীৰ খাদ্য প্ৰতিষ্ঠানৰ খাদ্যতে যদি এনে বিষাক্ত বস্তু ওলাব পাৰে তেন্তে য’ৰ-ত’ৰ পৰা ফাষ্টফুড খোৱাতো কিমান ভয়ংকৰ হ’ব পাৰে!