স্তন দুগ্ধ বিক্রী কৰি লাখ টকা আয়
মাতৃ দুগ্ধ শিশুৰ বাবে অমৃততুল্য। কিন্তু ব্রিটেনৰ এগৰাকী মাকে স্তন দুগ্ধ বিক্রী কৰি লাখ লাখ টকা আয় কৰিছে। মিলা ডেব্রিটো নামৰ মহিলাগৰাকীয়ে নিজৰ স্তনদুগ্ধ বডী বিল্ডাৰক বিক্রী কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। তেওঁৰ শৰীৰে প্রয়োজনতকৈ বেছি দুগ্ধ তৈয়াৰ কৰিছে। সেয়ে অতিৰিক্ত দুগ্ধ বিক্রী কৰি আয় কৰিছে এইগৰাকী মহিলাই। ২৯.৫ মিলিলিটাৰ দুগ্ধৰ দাম ১০০ টকাৰো বেছি। এখন পর্যন্ত বহু লিটাৰ দুগ্ধ বিক্রী কৰি প্রায় দহ লাখ টকা আয় কৰিছে।
মিলা ডেব্রিটোৱে ছচিয়েল মিডিয়াত এটি ভিডিঅ’ শ্বেয়াৰ কৰে। তেওঁ এখন থালত স্তনদুগ্ধ উলিয়াই লৈছে, যাক তেওঁ লিকুইড গোল্ড নাম দিছে। এই ভিডিঅ’ দেখাৰ পাছত মানুহে অদ্ভূত প্রতিক্রিয়া কৰিছে। মিলাৰ দুগ্ধ কিনিবলৈ বডী বিল্ডাৰসকলে বৰ আগ্রহ প্রকাশ কৰিছে। কাৰণ বডী বিল্ডাৰে বিশ্বাস কৰে, এই দুগ্ধ পেশীৰ বাবে খুবেই উপকাৰী। মিলা ডেব্রিটোৰ মতে, তেওঁ চিগাৰেট তথা এলক’হল পান নকৰে। আৰু সেয়া নিশ্চিত কৰিবলৈ তেওঁ পৰীক্ষা দিবলগীয়াও হৈছিল।