নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা ভোটাৰ বিজেপিৰ বৃহত্তম নীৰৱ শক্তি

ৰাজধানীস্থিত বিজেপিৰ মুখ্য কার্যালয়ত বিহাৰ জয়ৰ অনুষ্ঠানত প্রধানমন্ত্রী মোদী

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ দেশৰ জনতাই বিজেপিক বাৰে বাৰে সুযোগ দি আছে৷ তেওঁলোকে বিজেপিক সর্বাধিক বিশ্বাসত লয়৷ বিজেপিৰ সফলতাৰ আঁৰতেই আছে সুশাসন৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ বিহাৰ নির্বাচনৰ বিজয় পর্ব হিচাপে নতুন দিল্লীস্থিত বিজেপিৰ কার্যালয়ত আয়োজিত অনুষ্ঠানত এই মন্তব্য আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে কয়– ‘দেশৰ জনতাৰ প্রয়োজনক বুজা আৰু জনতাৰ হকে কাম কৰা একমাত্র দল বিজেপি৷ আজি দেশৰ যুৱ প্রজন্মই বিজেপিক আটাইতকৈ বেছি আস্থাত লয়৷ বিজেপি হৈছে দলিত আৰু দুখীয়া জনগণৰ কণ্ঠ৷ ক’ভিড–১৯ সংকটকালত দেশৰ প্রথমটো বৃহৎ নির্বাচনৰ ঘোষিত ফলাফলত বিজেপি নেতৃত্বাধীন এন ডি এ বিহাৰত পুনৰ শাসনলৈ অহাৰ পাছতেই পাটনাকে ধৰি নতুন দিল্লীতো আগতীয়া দীপাৱলী উদ্যাপন কৰে দলীয় কর্মীসকলে৷ দিল্লীৰ মুখ্য কার্যালয়ত দলীয় কর্মীসকলক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে নির্বাচনত জয়ৰ ক্ষেত্রত দলীয় নেতা–কর্মীসকলে কৰা কঠোৰ পৰিশ্রমক ভূয়সী প্রশংসা কৰে৷ মুখ্য কার্যালয়ত সমৱেত হোৱা দলীয় কর্মীৰ মোদী মোদী ধ্বনিৰ লগতে বন্দে মাতৰম, ভাৰত মাতা কি জয় শ্লোগানেৰে সৃষ্টি হোৱা উৎসৱমুখৰ পৰিৱেশৰ মাজত ‘মহান দেশৰ মহান নাগৰিক’ বুলি সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক কয়– ‘আমাক সমর্থন কৰাৰ বাবেই মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচৰা নাই৷ গণতান্ত্রিক প্রক্রিয়াত অংশগ্রহণ কৰাৰ বাবেহে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপোনালোকে ওলাই আহি এই প্রক্রিয়াত অংশগ্রহণ কৰিছে, সেই বাবেই মই প্রতিগৰাকী ব্যক্তি, নির্বাচন আয়োগ আৰু ৰাজ্যিক কর্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কিয়নো তেওঁলোকেই শান্তিপূর্ণভাৱে নির্বাচনী প্রক্রিয়াৰ সফলতা নিশ্চিত কৰিলে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে বিহাৰ নির্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই সফলতা লাভ কৰাৰ আঁৰত থকা মহিলা ভোটাৰৰ নীৰৱ শক্তিৰ বিষয়ে ব্যাখ্যা কৰে৷ মহিলাৰ সুৰক্ষা, নিৰাপত্তা, গর্ভাৱস্থাৰ সমস্যা নিৰাময়ৰ পৰা ছেনিটাৰী পেডলৈকে বিজেপিয়ে কাম কৰাৰ ফলতেই বিহাৰত মহিলা ভোটাৰৰ নীৰৱ শক্তিয়ে এন ডি এৰ বিজয় নিশ্চিত কৰিলে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ তদুপৰি তেওঁ কয় যে যদি দেশৰ হকে কঠোৰ পৰিশ্রম কৰা হয়, তেতিয়াহ’লে জনতাই যে সমর্থন জনাবই, সেই কথা বিহাৰ নির্বাচনে প্রমাণিত কৰিলে৷ আনপিনে, বিজেপিয়ে কিদৰে আজি দেশৰ প্রতিগৰাকী নাগৰিকৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, তাকো বর্ণনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– অকল বিহাৰেই নহয়, মধ্যপ্রদেশ, গুজৰাট আনকি তেলেংগানা, লাডাখতো আমি জিকিছোঁ৷ বিজেপি সকলোতে জিকিছে৷ বিজেপি হৈছে একমাত্র দল, যিয়ে দেশৰ জনতাৰ সৈতে প্রকৃতার্থত সংযোজিত হৈ আছে৷ দুজন সাংসদ আৰু দুটা কথাৰ পৰা আজি বিজেপিয়ে দেশৰ প্রতিটো কোণত নিজৰ স্থিতি শক্তিশালী কৰিছে৷

বুধবাৰে পুৱতিনিশা বিহাৰ নির্বাচনৰ চূড়ান্ত ফলাফলত আৰ জে ডি নেতৃত্বাধীন মহাজোঁটক পৰাভূত কৰি পুনৰ ৰাজ্যখনত শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ বার্তা প্রচাৰ হোৱাৰ লগে লগে দেশৰ প্রান্তে প্রান্তে বিজেপিৰ কর্মীসকলে আগতীয়া দীপাৱলী উদ্যাপন কৰে৷ নতুন দিল্লীৰ মুখ্য কার্যালয়ত প্রধানমন্ত্রী মোদীয়ে ভাষণ দিয়াৰ পূর্বে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই বিহাৰ নির্বাচনত জয়লাভৰ ক্ষেত্রত যোগোৱা অৰিহণাৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ নেতৃত্বত দেশে বিকাশৰ নতুন গতি লাভ কৰাৰ প্রসংগ উল্লেখ কৰে৷ আজি বিজয় পর্ব অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণকে ধৰি কেন্দ্রীয় কেবিনেটৰ মন্ত্রীসকল উপস্থিত থাকে৷ আনপিনে, বিজয় পর্বত প্রধানমন্ত্রীয়ে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ প্রাক্মুহূর্ততে বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে টুইটযোগে প্রধানমন্ত্রী মোদীক তেওঁৰ সমর্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ এক টুইটত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘জনতাই সিদ্ধান্ত ল’লে৷ এন ডি এক সংখ্যাগৰিষ্ঠতা দিয়াৰ বাবে মই তেওঁলোকৰ ওচৰত মূৰ দোঁৱাইছোঁ৷ মই প্রধানমন্ত্রী মোদীক তেওঁৰ সমর্থনৰ বাবে ধন্যবাদ জনাইছোঁ৷’

You might also like