নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰমিক মাতৃৰ ৰূপত দুৰ্গা, পূজা মণ্ডপত লকডাউনকালীন শ্ৰমিকৰ অৱলোকন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ ক’ৰোনাৰ সময়ৰ দুৰ্গাপূজা কেনে হ’ব? স্বাভাৱিকতে উঠা প্ৰশ্ন। ক’ভিডক লৈ ইতিমধ্যে জাৰি কৰিছে নানা প্ৰট’কলো। গতিকে পূজাক লৈ নাই বিশেষ উৎসাহ। কিন্তু এনে অৱস্থাৰ মাজতো পশ্চিমবংগৰ এটা পূজা পেণ্ডেলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দক্ষিণ কলকাতাৰ বেহালাৰ এই পেণ্ডেলটো সমৰ্পিত কৰা হৈছে শ্ৰমিক মাতৃৰ নামত।

এগৰাকী শ্ৰমিক মাতৃৰ ভূমিকাত যেন অৱতীৰ্ণ কৰোৱা হৈছে মাতৃ দুৰ্গাক। লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিক মাতৃগৰাকীয়ে অতিক্ৰম কৰা দীৰ্ঘ দূৰত্বক প্ৰতীকী ৰূপত তুলি ধৰা হৈছে দুৰ্গাৰ আসনত। মাতৃগৰাকীৰ লগত আছে তিনি কণমানি সন্তানো। আনহাতে পূজা মণ্ডপত লকডাউনকালীন অৱস্থাৰ এক স্থিৰ চিত্ৰ নিৰ্মাণ কৰিছে পূজা কমিটীয়ে।

মৃৎশিল্পী ৰিণ্টু দাসৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এনে মূৰ্তিসমূহক লৈ তেওঁ কয় যে ক’ৰোনাকালীন অৱস্থাত প্ৰব্ৰজিত শ্ৰমিকৰ ঘৰমুখী যাত্ৰাৰ দৃশ্যই তেওঁক যথেষ্ট কষ্ট দিছিল। তেওঁ কণমানি সন্তানসহ প্ৰব্ৰজন কৰা এগৰাকী মাতৃকো দেখিছিল আৰু তেতিয়াই ইয়াক জীৱন্ত ৰূপত তুলি ধৰাৰ কথা মনলৈ আহিছিল।

বৰ্তমান বেহালা পূজা মণ্ডপত প্ৰত্যক্ষ কৰা মূৰ্তিবোৰ তাৰেই প্ৰতিফলন বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য মূৰ্তিসমূহ স্থাপন কৰা ঠাইখিনিৰ নাম ৰখা হৈছে ‘ৰিলিফ’। এনেদৰেই দক্ষিণ কলকাতাৰ বেহালা পূজা মণ্ডপ সজাই তোলা হৈছে ক’ভিডকালীন পৰিস্থিতিৰ অৱলোকন কৰি।

You might also like