অত্যধিক কামৰ চাপত বছৰি কেইবালাখৰো মৃত্যু
হু–আইএল’ৰ অধ্যয়নঃ ২০১৬ত ৭,৪৫,০০০জনৰ প্রাণহানি ষ্ট্রোক, হূদৰোগত
নিয়মীয়া বাৰ্তা ১৮ মেঃ দীর্ঘ কর্মঘণ্টাৰ বাবেই প্রতি বছৰে লাখ লাখ লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ অর্থাৎ কামৰ তীব্র হেঁচাৰ বাবেই প্রাণ আহুতি দিবলগীয়া হয় প্রতি বছৰে পৃথিৱীৰ কেইবালাখো লোকে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই শেহতীয়াকৈ সদৰী কৰিছে এই তথ্য৷ প্রথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা গোলকীয়ভাৱে এনে অধ্যয়ন চলোৱা হৈছে৷ অধ্যয়ন অনুসৰি ২০১৬ চনত কামৰ তীব্র হেঁচাৰ বাবেই প্রাণ হেৰুৱাবলগীয়া হৈছিল ৭,৪৫,০০০জন লোকে৷ এই লোকসকলে দিনত অত্যধিক শ্রম কৰাৰ ফলত হূদৰোগ নাইবা ষ্ট্রোকত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল৷
লক্ষণীয়ভাৱে দক্ষিণ–পূব এছিয়া আৰু পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলৰ লোকসকলে বিশ্বৰ অন্য প্রান্তৰ লোকৰ তুলনাত অধিক শ্রম কৰে৷ গতিকে এই দুয়োটা অঞ্চলত প্রয়োজনৰ তুলনাত অত্যধিক কর্মঘণ্টাত নিয়োজিত থকাৰ ফলত হূদৰোগ আৰু ষ্ট্রোকৰ বলি হয় কেইবালাখো লোক৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷ হুৰ তথ্য অনুসৰি সপ্তাহত ৫৫ ঘণ্টা বা তাতকৈ অধিক শ্রম কৰা লোকসকলৰ ষ্ট্রোক তথা হূদৰোগত আক্রান্ত হোৱাৰ আশংকা বৃদ্ধি পায়৷
সপ্তাহত ৫৫ ঘণ্টা বা তাতকৈ অধিক শ্রম কৰা লোকসকলৰ ষ্ট্রোকৰ আশংকা ৩৫ শতাংশ বৃদ্ধি পায়৷ সেইদৰে এনে লোকসকলৰ হূদৰোগৰ আশংকা বৃদ্ধি পায় ১৭ শতাংশ৷ অধ্যয়ন অনুসৰি ষ্ট্রোক আৰু হূদৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে একোজন কর্মদক্ষ লোকে সপ্তাহত ৩৫ৰ পৰা ৪০ ঘণ্টা কাম কৰা উচিত৷ স্মর্তব্য যে আন্তর্জাতিক শ্রম সংস্থা (আইএল’)ৰ সহযোগত বিশ্ব স্বাস্থ্য সংস্থাই এই অধ্যয়ন চলাইছিল৷ ক’ভিড–১৯ মহামাৰীৰ সময়ত বিভিন্ন দেশত বহু লোকৰ কামৰ চাপ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটো বিপজ্জনক বুলিও অধ্যয়নে স্পষ্ট কৰি দিছে৷