বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি কোম্পানী ৰিলায়েন্স
নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি কোম্পানী হিচাপে এছিয়াৰ ধনাঢ়্য তথা বিশ্বৰ পঞ্চম ধনাঢ়্য ব্যক্তি মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্রীয়ে স্বীকৃতি লাভ কৰিছে৷ মুম্বাইস্থিত বৃহত্তম ৰিফাইনেৰী কমপ্লেক্সৰ ৰিলায়েন্সে শুকুৰবাৰে ৪.৩ শতাংশ অর্থাৎ বজাৰ মূল্যৰ ৮ বিলিয়ন মার্কিন ডলাৰ সংযোজন ঘটাই মুঠ বজাৰ মূল্য ১৮৯ বিলিয়ন মার্কিন ডলাৰলৈ উন্নীত হোৱাৰ পাছতে বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি কোম্পানী হিচাপে স্বীকৃতি লাভ কৰে৷ উল্লেখ্য যে ছৌদি আৰবৰ আৰমকো হৈছে বিশ্বৰ সর্ববৃহৎ শক্তি কোম্পানী৷ তাৎপর্যপূর্ণ যে উদ্যোগপতি মুকেশ আম্বানিৰ ৰিলায়েন্স জি’ৰ অংশীদাৰিত্ব বিক্রী কৰি বৃহৎ পৰিমাণৰ ধন উপার্জন কৰাৰ পাছতে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মূল পুঁজিতো বৃদ্ধি আৰম্ভ হয়৷ সেই অনুপাতে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শক্তি কোম্পানীটোৱে নিজৰ মূলধন বৃদ্ধি কৰিবলৈ সক্ষম হয়৷