ক’ভিড–২৬, ক’ভিড–৩২ৰ বাবে সাজু হওক বিশ্ব
নিয়মীয়া বাৰ্তা ১ জুনঃ ভৱিষ্যৎ মহামাৰীৰ ভাবুকি প্রতিহত কৰিবলৈ হ’লে ক’ভিড–১৯ৰ প্রকৃত উৎস বিচাৰি উলিওৱাত চীন চৰকাৰক বিশ্বই সহযোগিতা আগবঢ়াওক৷ ক’ভিড–১৯ৰ প্রকৃত উৎস বিচাৰি উলিয়াব নোৱাৰিলে বিশ্ববাসীয়ে ইয়াতকৈ ভয়াৱহ ক’ভিড–২৬ আৰু ক’ভিড–৩২ৰ সন্মুখীন হ’বলৈ সাজু হওক৷ এই সতর্কবাণী আমেৰিকা যুক্তৰাষ্ট্রৰ দুগৰাকী শীর্ষ ৰোগ বিশেষজ্ঞৰ৷
ট্রাম্প প্রশাসনৰ ফুড আৰু ড্রাগ এডমিনিষ্ট্রেচনৰ আয়ুক্ত স্কট গ’টলিবে চীনৰ য়ুহানৰ গৱেষণাগাৰৰ পৰা ছাৰছ–ক’ভ–২ৰ ভাইৰাছ বিয়পি পৰা বুলি স্পষ্টকৈ উল্লেখ কৰি অনাগত সময়ত যাতে এনেধৰণৰ ঘটনা নঘটে তাৰ ওপৰত গুৰুত্ব দিবলৈ সকীয়নি দিয়ে৷
মন কৰিবলগীয়া যে চীনৰ য়ুহানৰ পৰাই ক’ভিড–১৯ৰ প্রাদুর্ভাৱ ঘটা বুলি বিশ্বজুৰি চর্চিত হৈ থাকিলেও চীন চৰকাৰে বাৰম্বাৰ এয়া অস্বীকাৰ কৰি আহিছে৷ গৱেষণাগাৰৰ বাহিৰৰ পৰা ক’ভিড–১৯ৰ প্রাদুর্ভাৱ হোৱা নাই বুলি স্পষ্টকৈ উল্লেখ কৰি ভেকচিন বিকাশৰ টেক্সাছ চিলড্রেনছ হাস্পতাল চেণ্টাৰৰ সহসঞ্চালক পিটাৰ হটেকছে কয় যে যদি মহামাৰী ক’ৰ পৰা আৰম্ভ হৈছে সেই কথা প্রমাণসহ পোহৰলৈ নাহে, তেতিয়াহ’লে ভৱিষ্যৎ মহামাৰীৰ কবলত বিশ্ব পৰাটো স্বাভাৱিক৷
এন বি চিৰ সৈতে হোৱা সাক্ষাৎকাৰত পিটাৰ হটেজে কয় যে ক’ভিড–১৯ৰ প্রকৃত উৎস তথা ইয়াৰ সম্পূর্ণ তথ্য জ্ঞাত নহ’লে বিশ্ববাসীয়ে ক’ভিড–২৬ আৰু ক’ভিড–৩২ৰ সন্মুখীন হ’ব লাগিব৷ তাৎপর্যপূর্ণ যে ক’ভিড–১৯ৰ প্রাদুর্ভাৱ হোৱাৰ প্রায় ডেৰ বছৰ অতিক্রম কৰাৰ পিছতো এতিয়ালৈকে এই মহামাৰী ভাইৰাছটো সন্দর্ভত সঠিক তথ্য পোহৰলৈ অহা নাই৷