জলবায়ু পৰিৱর্তনক লৈ বিশ্বৰ বিজ্ঞানী গৱেষকৰ ভার্চুৱেল বৈঠক
নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ জলবায়ু পৰিৱর্তন সন্দর্ভত এক গুৰুত্বপূর্ণ ভার্চুৱেল বৈঠকত মিলিত হৈছে বিশিষ্ট বিজ্ঞানী তথা গৱেষকসকল৷ বান আৰু বনজুয়ে পৃথিৱীৰ বিভিন্ন স্থানত তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে জলবায়ু বিজ্ঞান অধ্যয়নৰ ওপৰত গুৰুত্ব প্রদান কৰিছে সমগ্র বিশ্বই৷ ইণ্টাৰ গৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ (আই পি চি চি)ৰ তৰফৰ পৰা ২০১৩ চনৰ পৰা গোলকীয় উষ্ণতা কি পর্যায়ত আছে তাক লৈ এক সর্বাত্মক অধ্যয়ন চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ আগন্তুক দুটা সপ্তাহত বিজ্ঞানীসকলে এই অধ্যয়নত লাভ কৰা তথ্যসমূহৰ ওপৰত বিশ্বৰ ১৯৫খন দেশৰ চৰকাৰী শীর্ষ বিষয়ববীয়াসকলে আলোচনা চলাব৷ আগন্তুক নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত হ’ব জলবায়ু পৰিৱর্তন সন্দর্ভত গুৰুত্বপূর্ণ সন্মিলন৷