নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ এক কিলোগ্রাম পাচলিৰ মূল্য কিমান হ’ব পাৰে৷ সাধাৰণ দৃষ্টিত হাজাৰ, ১০ হাজাৰ হোৱাটো সাধাৰণজনে মানি ল’ব৷ কিন্তু অবিশ্বাস্য যেন যেন লগা এবিধ পাচলি বিহাৰত উৎপাদিত হৈছে৷ এই পাচলিবিধৰ প্রতি কিলোগ্রামৰ মূল্য ১ লাখ টকা৷ তথ্য মতে হ’পছ নামৰ পাচলিবিধ বিশ্বৰ সবাতোকৈ মূল্যৱান পাচলি৷
বিহাৰৰ অমৰেশ সিং নামৰ কৃষি উদ্যোগী এজনে এই পাচলিবিধৰ খেতি কৰি আছে৷ পথাৰত পাচলিবিধৰ আলোকচিত্র সংগ্রহ কৰি আইএছ বিষয়া এজনে ছ’চিয়েল মিডিয়াত প্রচাৰ কৰাৰ পিছতেই এই পাচলিবিধক লৈ আলোড়নৰ সৃষ্টি হৈছে৷
ভাৰতত প্রথমবাৰৰ বাবে অমৰেশ সিঙে বিহাৰত এই পাচলিৰ খেতি কৰি আছে৷ আইএছ বিষয়াগৰাকীয়ে এই খেতিয়ে দেশৰ কৃষিখণ্ডলৈ অভাৱনীয় পৰিৱর্তন আনিব পাৰে বুলিও মন্তব্য কৰে৷ উল্লেখ্য যে হ’প হুমুলাছ লুপুলাছ প্রজাতিৰ এবিধ পাচলি৷
উত্তৰ আমেৰিকা আৰু ইউৰোপত এইবিধ পাচলি উৎপাদন কৰা হয়৷ হ’পৰ খেতি কৰিবলৈ বিপুল পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিততেই এইবিধ পাচলিৰ মূল্য পৃথিৱীৰ সকলো পাচলিতকৈ অধিক হয় বুলিও তথ্যত প্রকাশ পাইছে৷