নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘যদি শ্বাটাৰ বন্ধ থাকে, ফোন কৰক, মই আত্মাৰ দৰে ভ্ৰমণ কৰি আছোঁ’-আৰক্ষীয়ে দিলে এইদৰে প্ৰতিক্ৰিয়া…

বহুতো আমোদজনক কথা প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। আনকি ক’ৰোনা কালৰ এই কঠিন সময়তো, ছ’চিয়েল মিডিয়াত মানুহে হাঁহিবলৈ নতুন উপায় বিচাৰি উলিয়ায়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বন্ধ দোকানৰ বাহিৰত লিখা এখন জাননী দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বহুতো ৰাজ্যত বলবৎ হৈ আছে এতিয়া লকডাউন। এই লকডাউনৰ সময়ত আৰক্ষী বিভাগৰ লোকসকলো যথেষ্ট সক্ৰিয় হৈ কঠোৰভাৱে লকডাউনৰ নীতি-নিয়মৰ ওপৰত চকু ৰাখিছে।

ভাইৰেল হৈ থকা জাননীখনত লিখা আছে, “মোৰ দোকানৰ শ্বাটাৰ বন্ধ থাকিলে মোৰ ফোন নম্বৰত যোগাযোগ কৰক। মই আত্মাৰ দৰেই আপোনাৰ আশে পাশে ঘূৰি আছো।”

ফটোখন আইপিএছ বিষয়া দীপাংশু কাবৰাই ছ’চিয়েল মিডিয়াত চেয়াৰ কৰি লিখিছে, ‘এই ভ্ৰমণকাৰী আত্মাক সোনকালেই লগ পাব লাগিব’।

You might also like