২৫ মাৰ্চত বিজেপিৰ ৰথী-মহাৰথীৰে ভৰিব উত্তৰ প্ৰদেশ
বিশেষ বাৰ্তা, ১৯ মাৰ্চঃ দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে অহা ২৫ মাৰ্চত শপতগ্ৰহণ কৰিব যোগী আদিত্যনাথে। লক্ষ্নৌৰ একানা ষ্টেডিয়ামত সিদিনা বিয়লি ৪ বজাত বিশাল সমাৰোহ আয়োজনৰ প্ৰস্তুতি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাকে ধৰি বিজেপিৰ বহু হাই-প্ৰফাইল নেতা-মন্ত্ৰী উপস্থিত থাকিব। অৱশ্যে যোগাৰ নতুন মন্ত্ৰীসভাত কোন কোন থাকিব বা কেইজন মন্ত্ৰীৰে গঠন হ’ব সেয়া এতিয়াও জনোৱা নাই।