নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ কেৰালাত ৰোগীৰ দেহত ধৰা পৰিছে মাৰাত্মক জিকা ভাইৰাছ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ ভয়াৱহতাৰ মাজতে কেৰালাত ১৩ ৰোগীৰ দেহত জিকা ভাইৰাছৰ সংক্রমণ নিশ্চিত হৈছে৷ ক’ৰোনাৰ সংহাৰৰ সময়তে ১৩জন ৰোগীৰ দেহত জিকা ভাইৰাছৰ সংক্রমণ নিশ্চিত হোৱাৰ পাছতেই ৰাজ্যখনত হাই এলার্ট জাৰি কৰা হৈছে৷
ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী বীণা জর্জে সাংবাদিকৰ সৈতে কথোপকথনত তিৰুৱনন্তপুৰমত ২৪ বছৰীয়া গর্ভৱতী মহিলা এগৰাকী জিকা ভাইৰাছ পজিটিভ হোৱাৰ লগতে ১৩জন আক্রান্ত হোৱা বুলি প্রকাশ কৰিছে৷ পুনেৰ এন আই ভিলৈ ১৯জন ৰোগীৰ নমুনা প্রেৰণ কৰা হৈছে আৰু ইয়াৰে ১৩জন জিকা পজিটিভ হৈছে৷
উল্লেখ্য যে সংক্রমিত এইডেছ প্রজাতিৰ মহে কামুৰিলে জিকা ভাইৰাছৰ দ্বাৰা সংক্রমিত হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, দিনৰ ভাগত এই মহবিধে কামোৰে৷ বিশেষকৈ পুৱাৰ ভাগত আৰু বিয়লি অথবা সন্ধিয়াৰ ভাগত৷ সাধাৰণতে অধিকাংশ লোকৰ বাবেই এই ভাইৰাছ যিমান ভয়াৱহ, তাতোকৈ অধিক ভয়াৱহ গর্ভৱতী মহিলাৰ বাবে৷ গর্ভৱতী মহিলা জিকা ভাইৰাছত আক্রান্ত হ’লে ভ্রূণলৈ ই সংক্রমিত হয়৷ জিকা ভাইৰাছৰ সংক্রমণ ধৰা পেলোৱা হয় তেজ, শৰীৰৰ পনীয় বিশেষকৈ প্রস্রাৱ অথবা চিমেনৰ পৰীক্ষাৰ দ্বাৰা৷ জিকা ভাইৰাছৰ সংক্রমণ শাৰীৰিক সম্পর্কৰ দ্বাৰাও হ’ব পাৰে৷
প্রংসগক্রমে উনুকিয়াব পাৰি যে ১৯৪৭ চনত উগাণ্ডাত প্রথমে বান্দৰৰ দেহত জিকা ভাইৰাছ ধৰা পৰে৷ ইয়াৰ পাছত ১৯৫২ চনত উগাণ্ডাতে মানৱ দেহত, টাঞ্জানিয়াতো মানৱ দেহত ধৰা পৰে৷ পিছলৈ এই জিকা ভাইৰাছে মহামাৰী ৰূপ লয় আফ্রিকা, আমেৰিকা, এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত৷ পৰৱর্তী ২০০৭ চনত য়াপ দ্বীপত, ২০১৩ চনত ফ্রান্স পলীনেছিয়াত৷ বিশ্বজুৰি এই জিকা ভাইৰাছে মহামাৰী ৰূপে প্রকৃত ত্রাস সৃষ্টি কৰে ২০১৫ চনত ব্রাজিলত৷ তাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্র, আফ্রিকা আৰু বিশ্বৰ আন প্রান্তত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৮৫ দেশ জিকা ভাইৰাছৰ সংক্রমণৰ সাক্ষ্য হৈছে৷
ক’ভিডৰ সময়তে ভাৰতৰ কেৰালাত জিকা ভাইৰাছৰ সংক্রমণ ধৰা পৰাৰ পূর্বে ২০১৭ চনৰ জানুৱাৰীত আহমেদাবাদত প্রথমে জিকা ভাইৰাছ সংক্রমণে শংকাৰ সৃষ্টি কৰে৷ পৰৱর্তী জুলাই মাহত তামিলনাডুত ধৰা পৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ড্র’ল (চি ডি চি)ৰ মতে ভাইৰাছটোত আক্রান্ত হ’লে অনেক লোকৰ মাজত কোনো উপসর্গ দেখা নাযায়৷ কিছুসংখ্যকৰ দেহত মৃদু উপসর্গ দেখা দিয়ে, যেনে– জ্বৰ, মূৰৰ বিষ, গাঁঠিৰ বিষ, চকু ৰঙা পৰা, মাংসপেশীৰ বিষ আদি৷ এনে উপসর্গ ২ দিনৰ পৰা ৭ দিনলৈ আৰু ৩ দিনৰ পৰা ১৪ দিনলৈ থাকিব পাৰে৷
উপসর্গসমূহ দীর্ঘদিন ধৰি চলি থাকিলে চিকিৎসালয়ত চিকিৎসাৰ প্রয়োজন আহি পৰে৷ অতি গুৰুত্বপূর্ণ যে জিকা ভাইৰাছ সংক্রমণৰ চিকিৎসাৰ কোনো বিশেষ ঔষধ নাই৷ জিকা ভাইৰাছৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ কোনো ভেকচিন নাই৷ এনে ক্ষেত্রত জিকা ভাইৰাছ প্রট’কল গুৰুত্বপূর্ণ৷