নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত ক’ৰোনাঃ ৪ বছৰীয়া বাঘিনী ‘নাদিয়া’ আক্ৰান্ত ক’ৰোনাত

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনাত আক্ৰান্ত হৈছে এইবাৰ জীৱকুল । মানুহৰ পিছত প্ৰথমবাৰৰ বাবে জন্তুৰ শৰীৰত পোৱা গৈছে মাৰাত্মক ক’ৰোনা ভাইৰাছ।

মাৰ্কিন কৃষি পশু চিকিৎসা সেৱা পৰীক্ষাগাৰ বিভাগে সদৰী কৰা মতে আমেৰিকাৰ ব্ৰন্স চিৰিয়াখানাৰ চাৰিবছৰীয়া বাঘিনী ‘নাদিয়া’ আক্ৰান্ত হৈছে ক’ৰোনাত।

যাৰ পাছতে চিৰিয়াখানাখন দৰ্শনাৰ্থীৰ বাব বন্ধ কৰি দিয়া হৈছে ।

উল্লেখ্য যে ‘নাদিয়া’ৰ ভগ্নী আজুল আৰু আন দুটা বাঘ সহ মুঠ ৪ টাকৈ বাঘকো কোৱাৰেণ্টাইনত ৰখা হৈছে।

You might also like