নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ড নিৰ্বাচনঃ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ আজি ঝাৰখণ্ডৰ ২০টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচন ৷ এই দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে মুঠ ২৬০গৰাকী প্রার্থীয়ে ৷ এই প্রার্থীসকলৰ ভিতৰত আছে ২৯গৰাকী মহিলা ৷ উল্লেখনীয় যে পাঁচটা পর্যায়ত নির্বাচন অনুষ্ঠিত হৈ থকা ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ প্রচাৰ অভিযানৰ বৃহস্পতিবাৰে অন্ত পৰিছে ৷ এই ২০টা সমষ্টিৰ ১৮টাত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ সম্পন্ন হ’ব ৷ ইফালে দুটা সমষ্টিত পুৱা সাত বজাৰ পৰা বিয়লি ৫ বজালৈ সম্পন্ন হ’ব ভোটগ্রহণ প্রক্রিয়া ৷ এই দুটা সমষ্টি হৈছে পূব আৰু পশ্চিম জামছেদপুৰ ৷ উল্লেখনীয় যে নির্বাচন অনুষ্ঠিত হ’বলগীয়া ২০টা সমষ্টিৰ ১৬টা হৈছে জনজাতি (এছটি)ৰ বাবে সংৰক্ষিত ৷ এই নির্বাচনত মুখ্যমন্ত্রী ৰঘুবৰ দাসৰ উপৰি ঝাৰখণ্ড বিধানসভাৰ অধ্যক্ষ দীনেশ ওৰাওন প্রমুখ্যে নেতাসকলৰ ভাগ্য নির্ণয় হ’ব ৷

You might also like