নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ‘কা’বিৰোধী প্রতিবাদ : জ্বলিল ৩খন বাছ

পশ্চিমবংগতো হিংসাত্মক ঘটনা, ৰে’ল যাত্রা ব্যাহত : বন্ধ ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন দুয়োখন সদনত গৃহীত হৈ আইনত পৰিণত হোৱাৰ পিছত অসম, উত্তৰ–পূর্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত প্রতিবাদী আন্দোলন অব্যাহত আছে ৷ দিল্লী আৰু পশ্চিমবংগতো হিংসাত্মক ‘কা’বিৰোধী প্রতিবাদ সংঘটিত হৈছে ৷ দেওবাৰে এই প্রতিবাদক কেন্দ্র কৰি দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ সৈতে আৰক্ষী সংঘর্ষত লিপ্ত হয় ৷ আৰক্ষীয়ে প্রতিবাদ ৰোধিবলৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্রৱেশ কৰাত ছাত্র–ছাত্রীসকলৰ সৈতে সংঘর্ষৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ আৰু লাঠীচালনা কৰিবলগীয়া হয় ৷

এই সংঘর্ষৰ ফলত বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰৰো বিস্তৰ ক্ষতি হয় ৷ উগ্র প্রতিবাদকাৰীসকলে কেইবাখনো বাহন ভঙাৰ উপৰি তিনিখনকৈ বাছ জ্বলাই দিয়ে ৷ মিৰান হাইদৰ নামৰ এজন ছাত্রই জনোৱা মতে তেওঁলোকে শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰা সত্ত্বেও কিছুসংখ্যক সন্দেহযুক্ত লোক এই প্রতিবাদত চামিল হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে ৷

উল্লেখ্য যে, প্রতিবাদকাৰীসকলক আৰক্ষীয়ে প্রতিৰোধ কৰি অঞ্চলটো নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয় ৷ ইফালে, পশ্চিমবংগতো তৃণমূল কংগ্রেছ কর্মীৰ উদ্যোগত ‘কা’বিৰোধী প্রতিবাদ অব্যাহত আছে ৷ কেন্দ্রীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যখনৰ মুর্শিদাবাদ, হিংগলগঞ্জ, বানকুৰা আৰু হুগলীকে ধৰি বিভিন্ন অঞ্চলত প্রতিবাদকাৰীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে আৰু তিলদাংগা ৰে’লৱে ষ্টেচন লণ্ডভণ্ড কৰে আৰু তিনিটাকৈ ৰে’ল লাইনত অগ্নি সংযোগ কৰে ৷

ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এন আৰ চি আৰু ‘কা’ বাতিল কৰাৰ দাবীত বৃহৎ সমদল উলিওৱা হয় ৷ লালগোলা আৰু ফাৰাক্কা অঞ্চলত ৰে’ল যাতায়াত ব্যাহত হৈ পৰে ৷ ৰাজ্যখনৰ উত্তপ্ত আৰু হিংসাত্মক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন অঞ্চলত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিছে ৷ উল্লেখ্য যে শনিবাৰ আৰু শুকুৰবাৰেও ৰাজ্যখনত ‘কা’বিৰোধী হিংসাত্মক প্রতিবাদ সাব্যস্ত হৈছিল ৷

You might also like