নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“প্রতিবাদকাৰীৰ অধিকাৰক সন্মান জনাওক” -নতুন দিল্লী প্রশাসনক আমেৰিকাৰ আহ্বান

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনক কেন্দ্র কৰি উত্তাল পৰিস্থিতি অব্যাহত থকাৰ সময়তে আমেৰিকাই মোদী চৰকাৰক প্রতিবাদী জনসাধাৰণক সুৰক্ষা আৰু সন্মান প্রদান কৰিবলৈ আহ্বান জনাইছে ৷

নাগৰিকত্ব (সংশোধনী) আইন অথবা ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰা লোকসকলে অধিকাৰক সন্মান জনাব লাগে বুলি মার্কিন বিদেশ দপ্তৰৰ এগৰাকী মুখপাত্রই এক বিবৃতিযোগে নতুন দিল্লী প্রশাসনক আহ্বান জনাইছে ৷

উল্লেখনীয় যে প্রতিবাদী জনতাৰ বিৰুদ্ধে প্রশাসনে দমনমূলক ব্যৱস্থা গ্রহণ কৰা বুলি বিষয়টোক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সময়তে শান্তিপূর্ণভাৱে প্রতিবাদ কৰাটো জনসাধাৰণৰ অধিকাৰ বুলি এই বিবৃতিত উল্লেখ কৰা হৈছে ৷

ইয়াৰ পূর্বেও আমেৰিকাই ‘কা’ৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিছিল ৷ বিবৃতিটোত প্রতিবাদী জনতাক সংঘর্ষৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনাইছে মার্কিন মুখপাত্রগৰাকীয়ে ৷

You might also like