নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত শিশুৰ ওপৰত যৌন নির্যাতন ২২ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৱে প্রকাশ কৰা শেহতীয়া প্রতিবেদন মতে ২০১৮ চনত ভাৰতত প্রতিদিনে ১০৯টি শিশু যৌন নির্যাতনৰ বলি হৈছিল৷

পূর্বৰ বর্ষৰ তুলনাত সেয়া আছিল ২২ শতাংশ অধিক৷ এন চি বি আৰৰ তথ্য মতে ২০১৭ চনত এনে গোচৰ ৩২,৬০৮টা হোৱাৰ বিপৰীতে ২০১৮ চনত ‘পকছো’ৰ অধীনত ৰুজু হোৱা গোচৰ হ’ল ৩৯,৮২৭টা৷

২০১৮ চনত ২১,৬০৫টি শিশু ধর্ষণৰ বলি হৈছিল৷ ইয়াৰ ভিতৰত ২১,৪০১টি কন্যা শিশু আৰু ২০৪টা ল’ৰা৷

ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্রত এনে ঘটনা ২,৮৩২টা, উত্তৰ প্রদেশ ২,০২৩টা আৰু তামিলনাডুত ১,৪৫৭টা সংঘটিত হৈছিল৷

You might also like