নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্র বিধানসভাত অধ্যক্ষৰ দায়িত্বত নানা পাটোল

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ মহাৰাষ্ট্র বিধানসভাত অধ্যক্ষ হিচাপে নির্বাচিত হৈছে কংগ্রেছ নেতা নানা পাটোল৷ উল্লেখনীয় যে বিজেপিয়ে অধ্যক্ষ পদৰ বাবে নির্বাচনৰ পৰা মনোনয়ন প্রত্যাহাৰ কৰাৰ পাছতেই বিনা প্রতিদ্বন্দ্বিতাৰে পাটোলে এই পদ লাভ কৰে৷ উল্লেখনীয় যে মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ নেতৃত্বত তিনিদলীয় মহা বিকাশ আঘাদিয়ে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰাৰ এদিন পাছতেই নতুন অধ্যক্ষ হিচাপে কংগ্রেছ নেতা নানা পাটোলৰ নির্বাচনে মহাৰাষ্ট্রত শাসকীয় মর্চাৰ প্রভাৱ শক্তিশালী বুলি প্রতিপন্ন কৰিলে৷ লক্ষণীয়ভাৱে বিধানসভাৰ বিশেষ অধিৱেশনত অধ্যক্ষ পাটোলক নির্বাচিত কৰা হৈছে৷ বিজেপি বিধায়কসকলে বিধানসভাৰ অধ্যক্ষ নির্বাচনৰ ক্ষেত্রত চলি থকা পৰম্পৰাক অক্ষত ৰাখিবলৈ নির্বাচনৰ পৰা প্রার্থীৰ মনোনয়ন প্রত্যাহাৰৰ সিদ্ধান্ত লৈছিল বুলি ঘোষণা কৰিছে৷ নতুন অধ্যক্ষগৰাকীক তাৎক্ষণিকভাৱে উদ্ধৱ থাকৰে চৰকাৰে আদৰণি জনাইছে৷

You might also like