নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যান বাহন আইন উলংঘা কৰিলে জৰিমনা ভৰিলে ১০লাখ টকা

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ যান বাহন সংশোধিত নিয়মৰ অধীনত দেশৰ ভিতৰত সৰ্বাধিক ভৰিলে সৰ্বাধিক জৰিমনা। জৰিমনা ১০ লাখ টকা। ঘটনাটো সংঘটিত হৈছে গুজৰাটত। দৰাচলতে গুজৰাটৰ আহমেদাবাদৰ সিন্ধুবন ৰোডত যান বাহন আৰক্ষীয়ে নিয়মফাফিক তালাচী চলাই আছিল। সেই সময়ত উক্ত স্থানত এখন বিলাসী গাড়ী আহি উপস্থিত হৈছিল। উক্ত বিলাসী গাড়ীখনত কোনো ধৰণৰ পঞ্জীয়ন নম্বৰ নথকাৰ লগতে যেতিয়া গাড়ী খনৰ নথি পত্ৰৰ লগতে চালকৰ অনুজ্ঞা পত্ৰ বিচাৰিছল তেতিয়া চালকে সমস্ত তথ্য দেখুৱাব পৰা নাছিল। ইয়াৰ পিছত যান বাহন আৰক্ষীয়ে গাড়ীখৰ গৰাকীৰ পৰা ৯ লাখ ৮০ হাজাৰ টকাৰ জৰিমণা আদায় কৰে।
আৰু এই সমস্ত তথ্য গুজৰাট আৰক্ষীয়ে টুইট যোগে জানিব দিছে।

You might also like