নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমীকৰণ সলনি হৈছে ঝাৰখণ্ডতঃ মুখ্যমন্ত্রী পদৰ দাবীদাৰ সুদেশ মাহাতো

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ মহাৰাষ্ট্রত বিজেপি–শিৱসেনাৰ মিত্রতাৰ পতনৰ পিছত ঝাৰখণ্ডত আজছু মুৰব্বী সুদেশ মাহাতোৱে মুখ্যমন্ত্রী পদ দখলৰ সপোন দেখিবলৈ লৈছে ৷ ক্রীড়া ক্ষেত্রৰ সৈতে জড়িত আজছুৰ সভাপতি সুদেশ মাহাতোৰ আছে ৰাজ্যখনৰ ৰাজনীতিত বিশেষ প্রভাৱ ৷ বর্তমান বীৰছা মুণ্ডা আর্চাৰী একাডেমী পৰিচালনা কৰি আছে মাহাতোৱে ৷ উল্লেখনীয় যে ২০১৪ চনত আজছুৰ সহযোগিতাতেই বিজেপিয়ে ঝাৰখণ্ডত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল ৷ ৮১ আসন বিশিষ্ট ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ প্রথমটো পর্যায়ত ভোটগ্রহণ ইতিমধ্যে সমাপ্ত হৈছে ৷ আগন্তুক ৭ ডিচেম্বৰত ৰাজ্যখনত দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূর্বে আজছু মুৰব্বীগৰাকীয়ে ৰাজ্যখনত মুখ্যমন্ত্রী পদ দখলৰ বাবে প্রবল দাবীদাৰ হৈ পৰা বুলি বিভিন্ন মহলে উল্লেখ কৰিছে ৷ অর্থাৎ ঝাৰখণ্ডৰ নির্বাচনত যদি এইবাৰ বিজেপিয়ে আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম নহয়, তেন্তে আজছুৰ নেতাগৰাকীয়ে হ’ব মুখ্যমন্ত্রী পদৰ প্রবল দাবীদাৰ ৷

You might also like