নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ বুধবাৰে পুৱাই এক ভয়ংকৰ ঘটনা সংঘটিত হয় ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত । ঘটনা অনুসৰি এজন আই টি বি পিৰ জোৱানে গুলীৰে থকা-সৰকা কৰে ৯ জনকৈ সতীৰ্থক । ইয়াৰে ৬ জনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে ৩ জনৰ অৱস্থা সংকটজনক । সতীৰ্থৰ পাচতেই নিজকো গুলীয়াই আত্মহত্যাৰ পথ বাচি লয় এইগৰাকী জোৱানে । উল্লেখ্য যে, নদিয়াৰ মাছুদুল ৰহমান নামৰ এইগৰাকী জোৱান আইটিবিপিৰ ৪৫ নং বেটেলিয়নত আছিল । কি কাৰণত মাছুদুলে এই ঘটনা সংঘটিত কৰিলে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । জোৱানজনৰ গুলীত মৃত্যুক সাৱটি লৈছে হেড কনিষ্টবল মহেন্দ্ৰ সিং(হিমাচলপ্ৰদেশ), দলজিত সিং (পঞ্জাৱ), সুৰজিত সৰকাৰ (বৰ্ধমান), বিশ্বৰূপ মাহাতো (পুৰুলিয়া) আৰু বিজেশেৰ (কেৰালা) নামৰ ছয়জনকৈ জোৱানে ।

You might also like