নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৭ বছৰীয়া বিদ্যা দেৱী হ’ল চাৰপাঞ্চ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ৰাজস্থানৰ চিকাৰত ৯৭ বছৰীয়া বৃদ্ধা বিদ্যা দেৱী নিৰ্বাচিত হয় চাৰপাঞ্চ পদত । পুৰানাৱাছ গাঁও পঞ্চায়তৰ পৰা পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পাচতেই চাৰপাঞ্চ ৰূপেও জয়যুক্ত হয় এইগৰাকী বৃদ্ধা ।

এই জয়ৰ পাচতেই বিদ্যা দেৱীয়ে কয় যে, পঞ্চায়ত নিৰ্বাচনত ৰাইজে মোক জয় কৰাইছে , গতিকে সমাজখন উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিম । বিশেষকৈ স্বচ্ছতা আৰু খোৱাপানীৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে গুৰুত্ব দিয়া হ’ব ।

You might also like