নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ সমৰ্থনত প্ৰধানমন্ত্ৰীলৈ ৪২,০০০ পোষ্টকাৰ্ড

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বদোদৰাৰ পৰা প্ৰধানমন্ত্ৰী মোডীলৈ কাৰ সমৰ্থনত প্ৰেৰণ কৰা হ’ল ৪২,০০০ খন পোষ্ট কাৰ্ড । শুকুৰবাৰে গুজৰাটৰ বদোদৰাত এক সমদল বাহিৰ কৰি একাংশ বিজেপি কৰ্মীয়ে স্থানীয় ডাকঘৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰে নাগৰিকত্ব সংশোধনী আইন সমৰ্থনৰ পোষ্ট কাৰ্ড ।

সাংসদ ৰঞ্জনবেন ভট্টৰ নেতৃত্বত যোৱা এই সমদলত সাংসদ গৰাকীয়ে উল্লেখ কৰে যে, আমাৰ কৰ্মীসকলে মানুহৰ মাজলৈ গৈ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে বুজোৱাৰ লগতে নৰেন্দ্ৰ মোডী আৰু এই আইনৰ সমৰ্থনত প্ৰেৰণ কৰে ৪২,০০০ পোষ্ট কাৰ্ড । ইয়াৰ পৰৱৰ্তী সময়তো সাধাৰণ লোকে ২০,০০০ – ২৫,০০০ পোষ্ট কাৰ্ড প্ৰেৰণ কৰিব এই আইনৰ সমৰ্থনত ।

উল্লেখ্য যে, বদোদৰাৰ মানুহে নৰেন্দ্ৰ মোডী আৰু নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰাৰ বাবে এইদৰে সমদল বাহিৰ কৰি পোষ্ট কাৰ্ড প্ৰেৰণ কৰে বুলি উল্লেখ কৰে সাংসদ ৰঞ্জনবেন ভট্টই ।

You might also like