নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰৰ বিস্ফোৰণৰ গোচৰত চাৰিজনক দোষী সাব্যস্ত

২০০৮ৰ কূটাঘাতত নিহত হৈছিল ৭২জন

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ২০০৮ চনত ৰাজস্থানৰ জয়পুৰত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত চাৰিজন অভিযুক্তক দোষী সাব্যস্ত কৰিছে এখন বিশেষ আদালতে ৷ উল্লেখনীয় যে এই বিস্ফোৰণত ৭২গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ১৭০গৰাকী আহত হৈছিল ৷ এই গোচৰটোত এজন অভিযুক্তক মুক্তি দিছে আদালতখনে ৷ এই অভিযুক্তজনৰ বিৰুদ্ধে আদালতে কোনোধৰণৰ প্রামাণিক তথ্য লাভ নকৰিলে ৷

উল্লেখনীয় যে ভাৰতীয় দণ্ডবিধি (আইপিচি), বে–আইনী কামকাজ প্রতিৰোধ আইন, বিস্ফোৰক আইন আৰু পিডিপিপি আইনৰ বিভিন্ন ধাৰাৰ অধীনত চাৰি অভিযুক্তক গোচৰটোত দোষী সাব্যস্ত কৰা হৈছে ৷ দোষী সাব্যস্ত হোৱা লোককেইজন হৈছে মহম্মদ শ্বাহবাজ হুছেইন, মহম্মদ ছাইফ ওৰফে কাৰিয়ন, মহম্মদ ছাৰৱাৰ আজমী আৰু মহম্মদ ছাইফ ওৰফে ছাইফুৰ ৰহমান আনছাৰি ৷ উল্লেখনীয় যে এই বিস্ফোৰণ সন্দর্ভত ৮টাকৈ গোচৰ ৰুজু কৰা হৈছিল ৷ ৰাজস্থান এটিএছে বিস্ফোৰণত জড়িত বুলি ৫জন লোকৰ বিৰুদ্ধে চার্জশ্বিট দাখিল কৰিছিল আদালতত৷ শীঘ্রে আদালতখনে শাস্তি ঘোষণা কৰিব চাৰিওজন দোষী সাব্যস্ত লোকৰ বিৰুদ্ধে ৷

You might also like