নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীনগৰত ভয়ানক ঘটনা: যুৱতীলৈ এচিড নিক্ষেপ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : কাশ্মীৰত এগৰাকী যুৱতী ভয়াৱহ এচিড আক্ৰমণৰ সন্মুখীন হব লগা হৈছে। ফলত যুৱতীগৰাকী জীৱন-মৃত্যুৰে যুঁজিব লগা হৈছে। উল্লেখ্য যে পৰিয়াল চলাত সহায়ক হোৱাকৈ এক অনুষ্ঠানত উপাৰ্জনৰ বাবে আহি এচিড আক্ৰমণৰ বলি হ’বলগীয়া হল শ্ৰীনগৰৰ এগৰাকী যুৱতী। ২৪ বছৰীয়া যুৱতীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিবলৈ স্থানীয় বিউটি পাৰ্লাৰত চাকৰিত যোগদান কৰিছিল। কিয়নো যুৱতীগৰাকীৰ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ উৎস হৈছে কাপোৰ চিলোৱা ব্যৱসায়।

বৰ্তমান এই যুৱতী গৰাকী এইছ এছ এম এছ হাস্পাতালত চিকিৎসাধীন। এচিড আক্ৰমণৰ ফলত যুৱতীগৰাকী চকু কাণ নাক আৰু ওঁঠত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমানে চিকিৎসক বিশেষজ্ঞৰ দলে চিকিৎসা আগবঢ়াই আছে যুৱতীগৰাকীক। এচিড আক্ৰমণৰ ঘটনাই সমগ্ৰ কাশ্মীৰৰ লোকসকলক হতবাক কৰি তুলিছে।

তিনিজন অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত কাশ্মীৰ উপত্যকাৰ বহুতো চহৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অভিযুক্তসকলৰ ভিতৰত আছে এজন স্ব-ঘোষিত প্ৰেমিক, যাৰ প্ৰেমৰ প্ৰস্তাৱ যুৱতী গৰাকীয়ে প্ৰত্যাখ্যান কৰিছিল। আৰক্ষীয়ে অনুসন্ধানত এজন লোকক গ্ৰেপ্তাৰ কৰিছে, যিয়ে সোমবাৰে যুৱতীগৰাকীৰ মুখলৈ এচিড নিক্ষেপ কৰিছিল। যুৱতী গৰাকীয়ে অভিযুক্তৰ প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনোৱা নাছিল।

জিলা আইনী সেৱা প্ৰাধিকৰণ (ডি এল এছ এ) শ্ৰীনগৰে পিছপৰা এলেকাৰ পৰা অহা ভুক্তভোগীজনক ক্ষতিপূৰণ প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডি এল এছে ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ বাবে আইনী সহায়ৰ পৰামৰ্শদাতা নিযুক্ত কৰিছে, যাতে আদালতত গোচৰটো চলাব পাৰে।

You might also like